নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কটনক লৈ অসমীয়াই যিমান গৌৰৱ প্ৰদৰ্শন কৰে সিমান গৌৰৱ ‘এএমচিএইচ’ক লৈ নকৰে’

এএমচিএইচত বিশিষ্ট চিন্তাবিদ-লেখক ময়ুৰ বৰা

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : অসম চিকিৎসা মহাবিদ্যালয় চমুকৈ ‘এএমচিএইচ’ৰ মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ স’তে সংগতি ৰাখি বৃহস্পতিবাৰে প্ৰতিষ্ঠানটোৰ অইল লেকচাৰ হলত অনুষ্ঠিত হয় অসমৰ বিশিষ্ট লেখক, চিন্তাবিদ আৰু বুদ্ধিজীৱী ময়ুৰ বৰাৰ স’তে এক আন্তৰিক বাৰ্তালাপ অনুষ্ঠান৷ সন্ধিয়া অনুষ্ঠিত এই অনুষ্ঠানত ‘এএমচিএইচ’ৰ শিক্ষাৰ্থীৰ লগতে কানৈ কলেজ, ডিব্ৰুগড় ডেন্টেল কলেজ, বিএছচি নাৰ্চিং কলেজ, ডিব্ৰু কলেজ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্বভাৱসুলভ ভাষণেৰে প্ৰায় দুঘণ্টা সময় সকলোকে মোহিত কৰি ৰাখে৷ কটন কলেজক লৈ অসমীয়াই যিমান গৌৰৱ প্ৰদৰ্শন কৰে সিমান গৌৰৱ ৭৫ বছৰত ভৰি দিয়া ‘এএমচিএইচ’য়ে আগবঢ়োৱা যোগাত্মক চিন্তা আৰু সেৱাক অসমীয়াই আজিও প্ৰদৰ্শন কৰা নাই৷ ‘এএমচিএইচ’ৰ যিমান উন্নতি হ’ব সিমান উন্নতি সমান্তৰালভাৱে অসমীয়াৰো হব৷ ‘এএমচিএইচ’ আমাৰ প্ৰতিষ্ঠান৷ কিন্তু ইয়াক আমি নিজৰ বুলি ভাৱিবলৈ পাৰিব লাগিব৷ নতুন প্ৰজন্মক আহাবান জনাই তেওঁ কয় যে যিটো কাম কৰা হয় সেইটো নিজৰ মনেৰে সৈতে আৰু নিষ্ঠা-সততাৰে কৰা উচিত৷ কেৱল নিজকে প্ৰতিষ্ঠা কৰাৰ কামতে আৱদ্ধ নেথাকি সমাজৰ বাবেও কাম কৰা উচিত৷ ভাষা-সাহিত্যৰ চৰ্চাৰ লগতে নিজকে আপডেট কৰি ৰখাৰ স্বাৰ্থত কমেও এখন কাকত আৰু আলোচনী নিয়মিয়াকৈ পঢ়াৰ বাবেও তেওঁ নৱপ্ৰজন্মক আহ্বান জনায়৷

আনহাতে জাতীয়তাবাদৰ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে প্ৰেম কৰিবলৈ যিদৰে কোনো প্ৰশিক্ষণৰ প্ৰয়োজন নাই সেইদৰে জাতিক ভাল পাবলৈ কাকো শিকোৱাৰ প্ৰয়োজন নাই৷ আমাৰ অসমত জাতীয়তাবাদ ভাষাৰ মাজত আছে যদিও মহাৰাষ্ট্ৰ-তামিলনাডুৰ তুলনাত বহু কম আৰু তেওঁলোকৰ জাতীয়তাবাদ অত্যন্ত প্ৰখৰ৷ কিন্তু আমাৰ জাতীয়তাবাদ শ্ল’গানধৰ্মী৷ সামাজিক মাধ্যমৰ চৰ্চাও এক লক্ষ্মনৰেখাৰ ভিতৰত ৰাখি সামাজিক কাম-কাজত কমেও দুঘণ্টা সময় অতিবাহিত কৰাৰ বাবেও তেওঁ নৱপ্ৰজন্মক আহ্বান জনায়৷ আনহাতে দেশৰ আন আন ৰাজ্যত স্থনীয় ভাষাত অসামৰিক পৰীক্ষা অনুষ্ঠিত কৰাত অধিক গুৰুত্ব প্ৰদানৰ বিপৰীতে এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাটো এক হঠকাৰী সিদ্ধান্ত বুলিও তেওঁ অভিহিত কৰে৷ ‘এএমচিএইচ’ সাহিত্য চ’ৰাৰ সম্পাদক ডাঃ ৰাইহানুদ্দিন আহমেদে আঁতধৰা অনুষ্ঠানত অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতী, শিক্ষক সকলৰ হৈ মহাৰজত জয়ন্তী উদ্‌যাপন সমিতিৰ সম্পাদক ডাঃ মৃগাংক শেখৰ চলিহা, হৃদৰোগ বিভাগৰ অধ্যাপক ডাঃ হেমচন্দ্ৰ কলিতা, জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা, নৱপ্ৰজন্মৰ হৈ অমৃত মাহাতু, ৰাজদ্বীপ হাজৰিকা, মন্দাকিনী বৰুৱা, জয়শ্ৰী তালুকদাৰ, ‘এএমচিএইচ’ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মঃ শ্বাহমিলান আলি, তৰ্ক আৰু সাহিত্য বিভাগৰ সম্পাদিকা শতাব্দী বৰাকে ধৰি ভালেকেইগৰাকীয়ে সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে বিশিষ্ট চিন্তাবিদ গৰাকীয়ে৷ অনুষ্ঠানত ভেষজ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা, কবি ডাঃ মেঘালি চলিহা, সামূহিক চিকিৎসা বিভাগৰ ডাঃ গৌৰাংগী গগৈ, মেডিচিন বিভাগৰ অধ্যাপক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা, পেথল’জি বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ অদিতি শৰ্মাকে ধৰি ভালেকেইগৰাকী অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে৷

You might also like