নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটত নির্বাচনী প্রচাৰ আৰম্ভ কৰিলে কেজৰিৱালে

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ আগন্তুক গুজৰাট বিধানসভা নির্বাচনৰ বাবে ৰাজ্যখনত ইতিমধ্যে প্রচাৰ আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টী (আপ)–এ৷ আপৰ ৰাষ্ট্রীয় আহ্বায়ক কেজৰিৱালে আজি উল্লেখ কৰিছে যে দলটো গুজৰাটৰ ক্ষমতালৈ আহিলে ২৪ ঘণ্টাই বিদ্যুৎ সেৱা নিশ্চিত কৰিব৷ ইয়াৰ উপৰি পূর্বৰ বিদ্যুতৰ সকলো অনাদায় মাচুল ৰেহাই দিয়া হ’ব বুলিও প্রতিশ্রুতি দিয়ে কেজৰিৱালে৷ চলিত বর্ষৰ শেষৰ ভাগত গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন৷ কালি দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেজৰিৱালে কয় যে আপ ক্ষমতালৈ আহিলে ৰাজ্যখনত প্রতি মাহতে একোটা পৰিয়ালক ৩০০ ইউনিট বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰা হ’ব৷ ইয়াৰ উপৰি কর্ম সংস্থানৰ সুযোগ সৃষ্টি কৰা হ’ব বুলিও প্রতিশ্রুতি দিছে দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে৷

You might also like