নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ প্রজন্মৰ বর্ধিত হূদৰোগৰ হাৰ আৰু কিছু কথা

‘হার্ট–এটেক’ –এই শব্দটো প্রায় সকলোৰে পৰিচিত এক শব্দ৷ আৰু ইয়াৰ প্রাণঘাতী ৰূপটোৰ বিষয়েও মানুহ অৱগত৷ মুঠতে কিছু ধাৰণা সকলোৰেই আছে এই ৰোগ সম্পর্কে৷ এই হার্ট এটেকত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিসংখ্যাও বিশ্বজুৰি কম নহয়৷ ই এক উদ্বেগৰো বিষয়৷ ‘হার্ট এটেক’ আৰু ‘কার্ডিয়াক এৰেষ্ট’ –দুয়োবিধৰেই চিকাৰ হোৱা ক্তিৰ হাৰ য়সস্থ ক্তিৰ সমান্তৰালকৈ আজি কিছুকালৰ পৰা তৰুণ প্রজন্মৰ মাজতো দেখা গৈছে৷ প্রায় এবছৰৰ আগতে সৰু পর্দাৰ জনপ্রিয় অভিনেতা সিদ্ধার্থ শুক্লাৰ মৃত্যু হার্ট এটেকৰ ফলত হৈছিল আৰু প্রায় দুমাহৰ আগতে জনপ্রিয় কণ্ঠশিল্পী কে কেৰ মৃত্যুৰ কাৰণো আন একো নাছিল– এই কার্ডিয়েক এৰেষ্টেই আছিল৷ এই য়সৰ লোকৰ ক্ষেত্রত এনেদৰে হূদৰোগাক্রান্ত হৈ মৃত্যু হোৱাক সাধাৰণতে সহজ দৃষ্টিৰে চোৱা নহয়৷ এই বর্ধিত হাৰৰ অন্তৰালত কি কি কাৰণ আছে? এই বিষয়েই কিছু কথা জনাব খুজিছোঁ আজি৷ প্রথমেই হূদৰোগ সম্পর্কে কিছু কথা জনাবই লাগ্বি, যিখিনি নজনালে বাকী কথাবোৰ জি পোৱাত সমস্যা হ’ পাৰে৷
প্রথমেই আহিছোঁ হার্ট এটেক আৰু কার্ডিয়েক এৰেষ্ট কি আৰু এই দুবিধৰ মাজত পার্থক্য কি সেই বিষয়লৈ৷ এজন ক্তিৰ হার্ট এটেক হোৱাৰ অর্থ হৈছে– সেই ক্তিজনৰ হূদপিণ্ডলৈ তেজ প্র্বাহিত হোৱা ধমনীত ক্বিা প্রকাৰে মৰা তেজৰ চোকোৰা জমা হৈ হূদপিণ্ডলৈ তেজৰ স্বাভাৱিক প্র্বাহ াধাগ্রস্ত হয়৷ লগতে কেতিয়াবা ধমনীত কলেষ্টেৰল জাতীয় মেদৰ প্রলেপ পৰাৰ ফলতো ধমনীডাল ঠেক হৈ পৰে, আৰু এনেদৰে ভিন্ন প্রকাৰে ধমনীৰে হূদপিণ্ডলৈ পর্যাপ্ত তেজৰ প্র্বাহ াধাপ্রাপ্ত হয়৷ এনেদৰে বাধাপ্রাপ্ত হোৱাৰ ফলতে হূদপিণ্ডত হোৱা অক্সিজেনৰ অভাৱত হঠাতে সেই ক্তিজনৰ হার্ট এটেক হ’ব পাৰে৷ আৰু এই হার্ট এটেকৰ ফলত হূদপিণ্ডৰ ক্রিয়া ন্ধ হৈ ক্তিজন তাৎক্ষণিকভাৱে মৃত্যুমুখত পৰিব পাৰে৷ আৰু যেতিয়া এজন ক্তিৰ হূদপিণ্ডই নিজৰ কার্যকলাপ চলাই ন্বিৰ বাবে প্রয়োজনীয় তেজ পাম্প কৰিব নোৱৰা হয়– তেতিয়াও হূদপিণ্ডৰ ক্রিয়া ন্ধ হৈ পৰে, আৰু ইয়াৰ ফলত ক্তিজনৰ কার্ডিয়াক এৰেষ্ট হয়, যি হার্ট এটেকৰ দৰেই সমানে প্রাণঘাতী হ’ পাৰে৷ হার্ট এটেকেই হওক বা কার্ডিয়াক এৰেষ্টেই হওক, ই যিকোনো য়সৰ লোকৰে হ’ পাৰে৷ বিভিন্ন ধৰণৰ শাৰীৰিক–মানসিক কাৰক বা ৰোগৰ ফলত এজন ক্তিৰ হূদপিণ্ড ৰুগীয়া হৈ পৰিব পাৰে৷ তাৰে কেইটিমান কাৰক হৈছে–n মেদ্বহুলতা,

  • খাদ্যগুণৰহিত বা দেহৰ বাবে অপকাৰী খাদ্যাভ্যাস,
  • শাৰীৰিক পৰিশ্রম বা কচৰতৰ অভাৱ,
  • টাইপ–২ ডায়েবেটিছ (মধুমেহ ৰোগৰ এক প্রকাৰ, যি ৰোগত সাধাৰণতে অধিক লোক আক্রান্ত হয়),
  • উচ্চ ৰক্তচাপ,
  •  কলেষ্টেৰলৰ উচ্চ বা বর্ধিত মাত্রা,
  •  ধূম্রপান,
  • মানসিক চাপ, উদ্বিগ্ণতা –ইত্যাদি৷

এতিয়া আহিছোঁ, এই ৰোগৰ প্রাদুর্ভাৱ তুলনামূলকভাৱে কম য়সৰ লোকৰ ক্ষেত্রত কিয় াঢ়িছে, সেই দিশলৈ৷ যদিওবা হূদৰোগত আক্রান্ত হ’লৈ য়স্ক হ’ই লাগিব লি কোনো কথা নাই, তথাপি য়স্ক লোকৰ ক্ষেত্রত এই ৰোগ ওপৰত উল্লেখ কৰা বিভিন্ন কাৰকৰ াবে য়সৰ লগে লগে ক্রমশঃ াঢ়ি অহাকেই স্বাভাৱিক কথা লি মানি লোৱা হয়৷ কিন্তু তমান সময়ত আন দেশৰ কথা াদ দি ভাৰততেই হূদৰোগত আক্রান্ত ক্তিৰ সংখ্যাধিক্য বা হাৰ পিছে ৪০ৰ পৰা ৫০ছৰ য়সৰ ক্তিৰ ক্ষেত্রতহে চকুত লগাকৈ দ্ধি পাইছে৷ ইয়াৰ আঁৰত কিছু বিশেষ কাৰণ আছে৷
তমানৰ যুৱ প্রজন্ম নিজৰ স্বাস্থ্যক লৈ এফালৰ পৰা খুবেই সচেতন৷ জীম gym) বা ফিটনেছ চেণ্টাৰ আদিলৈ গৈ শৰীৰ চর্চা কৰা া দেহ্বল্লৰী নির্মাণ কৰাক লৈ খুবেই আগ্রহী৷ পিছে এনে চেণ্টাৰ া জীম আদিত যিবোৰ এক্সাৰচাইজ কৰোৱা হয়, সেইবোৰ যথেষ্ট কষ্টসাধ্য হয়৷ অর্থাৎ শৰীৰৰ যথেষ্ট শ্রম হয়৷ যদিহে ইতিমধ্যেই কাৰোবাৰ হূদযন্ত্রত ক্বিা সমস্যা তেওঁ নজনাকৈয়েই আছে আৰু এনেদৰে জীম আদিত ভর্তি হোৱাৰ পূর্বে তেওঁ হূদযন্ত্রৰ কোনো পৰীক্ষা আদি নকৰে, বা চিকিৎসকৰ পৰামর্শ নলয়, তেনে অৱস্থাত হঠাতে তেওঁৰ হূদৰোগৰ প্রাবল্য দ্ধি পাব পাৰে৷ কাৰণ, সাধাৰণতে এনেধৰণৰ শৰীৰচর্চা কৰোঁতে গধুৰ ওজন ডঙা heavy weight training), অথ্বা ড্রেডমিল আদিত জোৰেৰে দৌৰা–আদি বিভিন্ন এক্সাৰচাইজ কৰোৱা হয়৷ যদিহে ক্তিজন পূবৰে পৰাই হূদযন্ত্রৰ কোনো সমস্যাত ভুগি আছে, তেন্তে তেনে অৱস্থাত এনেবোৰ এক্সাৰচাইজৰ ফলত ক্তিজনৰ হূদযন্ত্রৰ গাঢ়ত্ব দ্ধি পাব পাৰে৷ হুতে ভিন্ন ধৰণৰ দেহ বা মাংসপেশী নির্মাণৰ াবে কিছুমান পৰিপূৰক াsupplement গ্রহণ কৰে, যাৰ ফলত হূদস্পন্দনৰ গতিত খেলিমেলিৰ সৃষ্টি হ’ পাৰে৷ া অন্যান্য ংশানুক্রমিকৰূপে পোৱা কলেষ্টেৰল আদিৰ দ্ধিয়েও এই দিশত অৰিহণা যোগাব পাৰে৷ অথ্বা হঠাতে এজন ক্তিৰ জীৱনত ঘটা কোনো মানসিক দুর্যোগ বা জটিল শাৰীৰিক অসুস্থতাও হূদৰোগৰ এক কাৰক হ’ পাৰে৷ হুতে আকৌ এনে সমস্যাৰ পৰা হাত সাৰিবলৈ বা চাপমুক্ত হ’লৈ ধূম্রপান, সুৰাপান আদিৰ আশ্রয় ল’লৈ আৰম্ভ কৰে, যি হিতে বিপৰীত হোৱাৰ বাদে আন একো নহয়৷ লগতেই এচামৰ ক্ষেত্রত আকৌ খাদ্যগুণৰহিত বা উপযুক্ত পৰিপুষ্টিৰ অভাৱৰ া সুষম আহাৰৰ সলনি গ্রহণ কৰা অত্যধিক তেলযুক্ত খাদ্য, ফাষ্টফুড, জাংকফুড, কার্ব’নেটেড বেভাৰেজ বা ক’ল্ড ড্রিংকছ আদিৰ অধিক সেৱন আদি হূদৰোগৰ এক কাৰণ হ’ পাৰে৷ কাৰণ এনেবোৰ খাদ্যই তেজত কলেষ্টেৰলৰ মাত্রা দ্ধি কৰে, যিয়ে লাহে লাহে ধমনীত জমা হ’লৈ ধৰে৷ লগতে এনেবোৰ খাদ্য গ্রহণ কৰাৰ উপৰি, এক্বোৰেই শাৰীৰিক পৰিশ্রমহীন জীৱনশৈলীয়েও হূদযন্ত্রৰ ক্রিয়াক প্রভাৱান্বিত কৰে৷ মুঠতে সকলোবোৰেই এক সমতুল মাত্রাত থাকিলে ভাল া হূদযন্ত্র উপযোগী৷ এই আটাইবোৰতে খেলিমেলিৰ সৃষ্টি হোৱাই হার্ট এটেকৰ ফালে এজন ক্তিক আগুৱাই ন্বি পাৰে৷ লগতে যদিহে ংশগতভাৱে কাৰোবাৰ হূদৰোগৰ ইতিহাস থাকে, তেন্তে তেনে ক্ষেত্রত পিতৃ–মাতৃক এই ৰোগে আক্রান্ত কৰাৰ ৫–১০ ছৰৰ পূর্বেই তেওঁলোকৰ তৰুণ সন্তান আক্রান্ত হ’ পাৰে৷ এতিয়া কথা হ’ল, এই ৰোগক কিদৰে হোৱাৰ আগতেই াধা প্রদান কৰিব পাৰি া প্রতিৰোধ কৰিব পাৰি৷ উপযুক্ত, সুষম খাদ্যাভ্যাস, পর্যাপ্ত শাৰীৰিক শ্রম া কচৰৎ আৰু সময় সাপেক্ষে হূদৰোগ বিশেষজ্ঞৰ পৰামর্শ লোৱা– এইবোৰ দিশলৈ ভালদৰে মন দি চলিলে, আপুনিও হূদৰোগক সময়ত প্রতিৰোধ কৰিবলৈ সক্ষম হ’ পাৰে৷ কিছু সচেতনতা আৰু কিছু সাৱধানতা আপোনাৰ প্রাণৰক্ষক হ’ পাৰে৷

ডাঃ চন্দ্র কুমাৰ দাস, এম ডি, ডি এম–কার্ডি’লজী, গুৱাহাটী মেড্র’ হাস্পতাল

You might also like