নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীসহ দেশৰ ৪০টা স্থানত চিবিআইৰ মাৰাথন অভিযান

একাংশ স্বেচ্ছাসেৱী সংগঠন অর্থাৎ এন জি অ’ই সমাজসেৱাৰ নামত চলাই অহা লুণ্ঠন শেহতীয়াকৈ পোহৰলৈ আহিছে৷ বিদেশৰ পৰা লাভ কৰা পুঁজিৰ নামত চলাই অহা এনে লুণ্ঠনৰ বিৰুদ্ধে আজি সমগ্র দেশতে কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আয়ে চলায় অভিযান৷ দিল্লী, হাৰিয়ানা, ৰাজস্থান, ঝাৰখণ্ড, হিমাচল প্রদেশ, তেলেংগানা, অন্ধ্রপ্রদেশ, তামিলনাডু, অসম আৰু মণিপুৰকে ধৰি ৪০টা স্থানত চি বি আয়ে চলোৱা এই অভিযানত ৩.২১ কোটি টকাৰ নগদ ধন জব্দ কৰাৰ লগতে বহু আপত্তিজনক নথি–পত্র, ম’বাইল ফোন আদিও জব্দ কৰিছে৷ দেশৰ অন্য প্রান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটীৰ শিলপুখুৰীত থকা স্কাই ফাউণ্ডেচন একাডেমীৰ সংলগ্ণ হৈ থকা ‘নয়ী ৰশ্বনী’ নামৰ এন জি অ’টোৰ কার্যালয়তো চলিল অভিযান৷ উল্লেখ্য যে চি বি আয়ে দেশজুৰি চলোৱা এই অভিযানত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ৬জন বিষয়াৰ লগতে মধ্যভোগী–দালালসহ ১৪জন লোকক গ্রেপ্তাৰ কৰিছে৷ চি বি আইৰ সূত্রই প্রকাশ কৰা অনুসৰি বিদেশৰ পৰা একোটা এন জি অ’ই ধন লাভ কৰিবলৈ বহু নথি জমা দিব লাগে৷ অর্থাৎ বিদেশৰ পুঁজি এন জি অ’সমূহে ক’ত কেনেদৰে খৰচ কৰিব, তাৰ সবিশেষ তথ্য–প্রমাণ কেন্দ্রীয় গৃহ মন্ত্রালয়ত দাখিল কৰাৰ প্রয়োজন৷ উক্ত নথিৰ পৰীক্ষাৰ অন্তত কেন্দ্রীয় গৃহ মন্ত্রালয়ে এন জি অ’টোক বিদেশী পুঁজি লাভৰ বাবে প্রমাণ–পত্র প্রদান কৰে৷ মুখ্যতঃ এই প্রমাণ–পত্রক লৈয়ে এটা দালাল চক্রৰ জৰিয়তে গৃহ মন্ত্রালয়ৰ কেইবাজনো বিষয়াই বৃহৎ ধনৰ বিনিময়ত এন জি অ’সমূহক প্রমাণ–পত্র প্রদান কৰে৷ যোৱা দীর্ঘসময় ধৰি দালাল চক্রটোৱে চলাই থকা কার্যকলাপক লৈ উত্থাপিত হৈছিল অভিযোগ৷ এনে অভিযোগৰ পৰিপ্রেক্ষিতত চি বি আয়ে আজি অভিযান চলাই ভুৱা নথি প্রদান কৰাৰ অপৰাধত গৃহ মন্ত্রালয়ৰ ৬জন বিষয়া–কর্মচাৰী আৰু ৮জন মধ্যভোগীক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে বিদেশী অৱদান নিয়ন্ত্রণ আইন (এফ চি আৰ এ) অনুমোদন লাভ কৰাৰ ক্ষেত্রত গৃহ মন্ত্রালয়ৰ ভূমিকা অধিক৷ কোন দেশৰ পৰা কোন প্রতিষ্ঠানৰ ব্যক্তিয়ে দেশৰ কোনটো এন জি অ’ক কিমান পৰিমাণৰ ধন কি উদ্দেশ্যে প্রদান কৰিছে, তাৰ সকলো তথ্য বিশ্লেষণ কৰে গৃহ মন্ত্রালয়ে৷ ইয়াৰ বাবে এন জি অ’সমূহে সময়ে সময়ে যোগান ধৰি আহিব লাগে উপযুক্ত নথি–পত্র৷ এফ চি আৰৰ অধীনত এন জি অ’ পঞ্জীয়ন আৰু নৱীকৰণৰ ক্ষেত্রতো গৃহ মন্ত্রালয়ে চূড়ান্ত সিদ্ধান্ত লয়৷ মুখ্যতঃ ইয়াৰে সুযোগ লৈ গৃহ মন্ত্রালয়ৰ একাংশ বিষয়াই এন জি অ’ক এফ চি আৰৰ অধীনত ধন আহৰণৰ ক্ষেত্রত অবৈধভাৱে আগবঢ়াই আহিছে সহায়৷ বিষয়টোক লৈ উত্থাপন হৈ থকা অভিযোগৰ পৰিপ্রেক্ষিতত যোৱা ১০ মে’ত চি বি আইত দাখিল হৈছিল এখন এজাহাৰ৷ এই এজাহাৰখনত এফ চি আৰ বিভাগৰ ৭জন বিষয়াকে ধৰি ৩৬জন লোকৰ নাম উল্লেখ কৰা হৈছিল৷ সমান্তৰালভাৱে বেচৰকাৰী সংগঠন তথা এন জি অ’ আৰু মধ্যস্থতাকাৰী প্রতিনিধিৰ নামো এজাহাৰত উল্লেখ কৰা হৈছে৷ ইফালে গুৱাহাটীৰ শিলপুখুৰীত থকা নয়ী ৰশ্বনী নামৰ এন জি অ’টোত চি বি আয়ে কালি অভিযান চলোৱাৰ পাছতে আজি ঘটনা সন্দর্ভত সবিশেষ তথ্য সংগ্রহৰ বাবে যোৱা সাংবাদিক দলৰ ওপৰত গালি–গালাজ চলায় এন জি অ’টোৰ একাংশ কর্মচাৰীয়ে৷ গুৱাহাটীৰ মাজমজিয়াৰ পৰা সমাজ সেৱাৰ নামত চলাই থকা লুণ্ঠনৰ তথ্য ফাদিল হোৱাৰ পাছত নয়ী ৰশ্বনী নামৰ এন জি অ’টোৱে সমগ্র বিষয়টোক থাপিথুপি থোৱাৰ চেষ্টা চলাইছে৷ ইফালে চি বি আইৰ সূত্রই প্রকাশ কৰা মতে, এফ চি আৰৰ অধীনত ধন সংগ্রহৰ বাবে কাগজে–পত্রই একাংশ এন জি অ’ গঢ় লৈ উঠিছে যদিও তেওঁলোকৰ কোনো অস্তিত্বই নাই৷ এনে অস্তিত্বহীন এন জি অ’ৰ হৈও গৃহ মন্ত্রালয়ৰ বিষয়াই ভুৱা নথি প্রস্তুত কৰাই নহয়, এই নথিসমূহ শুদ্ধ বুলি প্রমাণ–পত্র দাখিল কৰিছে৷ ইফালে ঘটনা সন্দর্ভত ১৪জনকৈ ব্যক্তিৰ গ্রেপ্তাৰে সমগ্র দেশতে খলকনি সৃষ্টি কৰিছে৷

You might also like