নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ কর্তন এছবিআইৰ

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ এমাহৰ ভিতৰতে ষ্টেট বেংক অৱ ইণ্ডিয়াই পুনৰ ফিক্সড ডিপ’জিট (এফ ডি)ৰ সুতৰ হাৰ হ্রাস কৰিলে ৷ বুধবাৰে বেংকটোৱে এই ঘোষণা কৰিছে ৷ ১০ মার্চৰ পৰা এই পৰিৱর্তিত সুতৰ হাৰ কার্যকৰী হ’ব ৷ ইয়াৰ পূর্বে যোৱা ১০ ফেব্রুৱাৰীত কম আৰু দীঘলীয়া সময়ৰ এফ ডিৰ সুতৰ হাৰ কমাইছিল ৷ পূর্বতে ৭ দিনৰ পৰা ৪৫ দিন পর্যন্ত ছর্ট টার্ম এফ ডিৰ সুতৰ হাৰ আছিল ৪.৫ শতাংশ ৷ পৰিৱর্তিত সুতৰ হাৰ অনুযায়ী এতিয়াৰ পৰা হ’ব ৪ শতাংশ৷ এনেদৰে এবছৰৰ পৰা ৫ বছৰৰ ভিতৰত সুতৰ হাৰ ৬ শতাংশৰ পৰা হ্রাস কৰি ৫.৯ শতাংশ কৰা হৈছে৷ আনহাতে, ৫ বছৰৰ পৰা ১০ বছৰ পর্যন্ত এফ ডিত সুতৰ হাৰ ৬ শতাংশৰ পৰা ৫.৯ শতাংশ কৰা হৈছে৷ জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্রত ৭ দিনৰ পৰা ৪৫ দিনলৈকে এফ ডিৰ সুতৰ হাৰ ৪.৫ শতাংশ৷ ১ বছৰৰ পৰা ২ বছৰ পর্যন্ত সুতৰ হাৰ হ’ব ৬.৪ শতাংশ৷ আনহাতে, ৪৬ দিনৰ পৰা ১৭৯ দিন পর্যন্ত সুতৰ হাৰ হ’ব ৫.৫ শতাংশ৷ ইফালে, গৃহ ঋণৰ ক্ষেত্রতো বেংকটোৱে সুতৰ হাৰ হ্রাস কৰিছে৷ ৩০ বছৰীয়া গৃহ ঋণৰ ক্ষেত্রত ই এম আইত প্রতি এক লাখ টকাত ৭ টকাকৈ হ্রাস কৰিছে৷ আনহাতে, কাৰ লোনৰ ক্ষেত্রত সাত বছৰীয়া ঋণৰ ই এম আইত প্রতি ১ লাখত ৫ টকাকৈ সুতৰ হাৰ হ্রাস কৰিছে ৷

You might also like