নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেংকাৰৰ খুন্দাত মৃত মহিলা; মূৰৰ ওপৰৰে চলিল চকা

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ আজি দেশবাসীয়ে পালন কৰিব কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী৷ কালীপূজাৰ পূৰ্বে শুকুৰবাৰে পশ্চিম বংগত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। আলিপুৰৰ মোমিনপুৰত হোৱা এই দুর্ঘটনাত ৰাস্তা পাৰ হোৱাৰ সময়তে টেংকাৰে মহটিয়াই নিয়ে এগৰাকী মহিলাক। মূৰৰ ওপৰৰে চলি যায় গাড়ীৰ চকা।

আলিপুৰ থানাৰ আৰক্ষীয়ে জনাইছে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকক আটক কৰা হৈছে। ইপিনে মহিলাগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

You might also like