নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ছোনিয়া গান্ধীক সাক্ষাৎ মমতা বেনার্জীৰ

বিজেপিবিৰোধীক ঐক্যবদ্ধ কৰাৰ লক্ষ্য

নিয়মীয়া বাৰ্তা  ২৮ জুলাইঃ বিজেপিবিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে নতুন দিল্লীত বাহৰ পাতি থকা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে আজি কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীৰ সৈতে বৈঠকত মিলিত হয়৷ বহুচর্চিত বিজেপিবিৰোধী শক্তিক একত্রিতকৰণৰ প্রক্রিয়াৰ অংশ হিচাপে নতুন দিল্লীৰ ১০ জনপথৰ ছোনিয়া গান্ধীৰ বাসভৱনত পশ্চিমবংগৰ মুখ্যমন্ত্রী বেনার্জীয়ে গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ এই বৈঠকত দেশৰ ৰাজনৈতিক পৰিস্থিতি আৰু বিজেপিবিৰোধী দলৰ ঐক্যক লৈ পুংৰানুপুংখ আলোচনা চলায় গান্ধী আৰু বেনার্জীয়ে৷

কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধী উপস্থিত থকা এই বৈঠকখনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীয়ে কয় যে তেওঁলোকৰ এই বৈঠক অতি ইতিবাচক৷ আশা কৰে যে ভৱিষ্যতে ইয়াৰ ইতিবাচক ফলাফল আহিব৷ বৈঠকত পেগাছাছ কেলেংকাৰি আৰু ক’ভিড–১৯ পৰিস্থিতি সন্দর্ভতো আলোচনা হোৱা বুলি বেনার্জীয়ে প্রকাশ কৰিছে৷ তাৎপর্যপূর্ণ যে পশ্চিমবংগৰ বিধানসভা নির্বাচনত মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ সর্বশক্তিক পৰাভূত কৰি শাসনৰ গাদীত অধিষ্ঠিত হোৱা মুখ্যমন্ত্রী বেনার্জীয়ে ২০২৪ চনৰ লোকসভা নির্বাচনৰ বাবে বিজেপিবিৰোধী শক্তি ঐক্যবদ্ধ কৰাৰ প্রয়াস চলাই আছে৷

সেইমর্মে ৫ দিনীয়া নতুন দিল্লী ভ্রমণৰ সময়ত কংগ্রেছৰ শীর্ষ নেতৃত্বৰ লগতে বিভিন্ন বিৰোধী দলৰ নেতাৰ সৈতে মিলিত হ’ব৷ ২০২৪ৰ লোকসভা নির্বাচন সন্দর্ভত তৃণমূল কংগ্রেছৰ নেত্রী বেনার্জীয়ে কয় যে বিৰোধীসকলে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে ঐক্যবদ্ধ শক্তিৰে যুঁজিব লাগিব৷ সমগ্র দেশত খেলা হ’ব আৰু আৰু এই খেলা হ’ব মোদী বনাম দেশ৷ নতুন দিল্লী ভ্রমণলৈ অহা মুখ্যমন্ত্রী বেনার্জীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতেও সৌজন্যমূলক সাক্ষাতত মিলিত হয়৷ প্রধানমন্ত্রীৰ সৈতে আলোচনাত বেনার্জীয়ে পেগাছাছ কেলেংকাৰিক লৈ তদন্ত আৰু ভেকচিনৰ যোগান প্রসংগ উত্থাপন কৰে৷ বহুচর্চিত নতুন দিল্লী ভ্রমণৰ সময়ত তৃণমূল কংগ্রেছৰ নেত্রীগৰাকীয়ে দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ সৈতেও মিলিত হ’ব৷

You might also like