উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উত্তৰ প্রদেশ চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদত সংঘর্ষত লিপ্ত হোৱা লোকৰ আলোকচিত্র তথা সবিশেষ তথ্য সম্বলিত পোষ্টাৰ ৰাজহুৱা স্থানত অনুমতি দিবলৈ কোনোধৰণৰ আইন নাই বুলি আজি উত্তৰ প্রদেশ চৰকাৰক স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে৷ উল্লেখনীয় যে এলাহাবাদ উচ্চ ন্যায়ালয়ে লক্ষ্ণৌ প্রশাসনৰ এই কার্যক অগণতান্ত্রিক আৰু লজ্জাজনক ঘটনা আখ্যা দি শীঘ্রে এনে পোষ্টাৰ ৰাজহুৱা স্থানৰ পৰা আঁতৰ কৰিবলৈ নির্দেশ দিছিল৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাই বিষয়টো সন্দর্ভত শীর্ষ আদালতত গৈ আবেদন দাখিল কৰে উত্তৰ প্রদেশ চৰকাৰে৷ স্মর্তব্য যে যোৱা বছৰৰ ১৯ ডিচেম্বৰত লক্ষ্ণৌত সংঘটিত ‘কা’বিৰোধী প্রতিবাদৰ সংঘর্ষত জড়িত লোকসকলৰ আলোকচিত্র সম্বলিত পোষ্টাৰ মুকলি কৰি দিছিল উত্তৰ প্রদেশ চৰকাৰে ৷