নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰাক হালধী সানি থাকোতেই ঢলি পৰি মৃত্যু হ’ল বন্ধুুৰ, চাওক সেই ভয়ংকৰ ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: কিছুদিনৰ পৰা আকস্মিক মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। যাৰ ভিডিঅ’সমূহ দেখি সকলোৱে যথেষ্ট স্তম্ভিত হৈ পৰে। শেহতীয়াকৈ এনে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে, য’ত হালধী অনুষ্ঠানৰ সময়ত দৰাক হালধী লগাওঁতে এজন ব্যক্তিৰ হঠাৎ মৃত্যু হয়। যাৰ বাবে হাঁহিমুখীয়া পৰিয়ালটোৰ সুখ হঠাতে শোকলৈ পৰিণত হ’ল।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছৰে পৰা ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। য’ত এখন ঘৰত বিয়াৰ প্ৰস্তুতি দেখা গৈছে। এই সময়ত পৰিয়ালৰ লোকে দৰাক হালধী সনা দেখা গৈছে। তেতিয়াই এজন ব্যক্তিয়ে দৰাৰ সন্মুখত বহি হালধী লগাবলৈ সাজু হয়। ইয়াৰ মাজতে মানুহে একো বুজি পোৱাৰ আগতেই মানুহজন ঢলি পৰে।

মানুহজন পৰি যোৱাৰ লগে লগে দৰা আৰু পৰিয়ালৰ লোকে তেওঁক তুলি লয় আৰু ভিডিঅ’টোত মহিলা আৰু শিশুৰ চিঞৰ-বাখৰ শুনা যায়।

&

nbsp;

You might also like