নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্ষণত অভিযুক্ত কর্ণাটকৰ ধর্মগুৰু শিৱমূর্তিক গ্রেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ  অৱশেষত দুই নাবালিকাক ধর্ষণৰ গোচৰত গ্রেপ্তাৰ কৰা হ’ল কর্ণাটকৰ মাইছুৰুৰ লিংগায়ত ধর্মগুৰু শিৱমূর্তিক৷ ইয়াৰ পূর্বে ঘটনা পোহৰলৈ অহাৰ পিছত শিৱমূর্তিক আটক কৰা হৈছিল যদিও শীঘ্রে মুক্তিও দিয়া হৈছিল৷ এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত কালি শিৱমূর্তিৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰিছিল মাইছুৰু আৰক্ষীয়ে৷ কালি গভীৰ নিশা তথাকথিত ধর্মগুৰুগৰাকীক গ্রেপ্তাৰ কৰা হৈছে৷ বিখ্যাত মুৰুগা মঠৰ মুৰব্বী হৈছে শিৱমূর্তি৷

You might also like