নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ শৰণীয়া পাহাৰত উদণ্ড যুৱকৰ সুৰাৰ আড্ডা; গান্ধীমণ্ডপ পথত সুৰক্ষিত নহয় দর্শনার্থী

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ: মহানগৰীৰ দক্ষিণ শৰণীয়াস্থিত গান্ধী মণ্ডপ হৈছে অতি বিখ্যাত পর্যটন স্থলী৷ শৰণীয়া পাহাৰত অৱস্থিত ঐতিহাসিক এই গান্ধী মণ্ডপ দর্শন কৰিবলৈ দৈনিক শ শ দর্শনার্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয়৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যৰ পৰা অহা দর্শনার্থীসকলে দক্ষিণ শৰণীয়াৰ গান্ধী মণ্ডপত উপস্থিত হৈ সেউজীয়া পাহাৰৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ লগতে সুউচ্চ পাহাৰৰ পৰা গুৱাহাটীৰ মহানগৰীৰ দৃশ্য উপভোগ কৰি আহিছে৷ কিন্তু ঐতিহাসিক গান্ধী মণ্ডপ দর্শন কৰিবলৈ অহা দর্শনার্থীসকল মুঠেও সুৰক্ষিত নহয়৷ দক্ষিণ শৰণীয়াৰ পাহাৰৰ মাজেৰে গান্ধী মণ্ডপলৈ যোৱা পথছোৱাত নিতৌ বিয়লি ৪ বজাৰ পৰা নিশা প্রায় ৮ বজালৈ একাংশ উদণ্ড যুৱকে পথৰ দাঁতিত বাহন ৰখাই মুকলিকৈ সুৰা আৰু ড্রাগছৰ আড্ডা পাতি পৰিৱেশ বিনষ্ট কৰি তুলিছে৷ বিয়লিৰ ভাগত গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা অহা উদণ্ড যুৱকে গান্ধী মণ্ডপ পথত মুকলিকৈ বাহন ৰখাই সুৰা আৰু ড্রাগছ সেৱন কৰি সুৰাৰ ৰাগিত মাতাল হৈ গান্ধী মণ্ডপ দর্শন কৰিবলৈ অহা মহিলা আৰু যুৱতীসকলক উদ্দেশ্যিবিভিন্ন সময়ত অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

স্থানীয় লোকে এই সন্দর্ভত দীর্ঘদিন ধৰি পল্টন বজাৰ আৰক্ষী আৰু জিলা প্রশাসনক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাই আহিছে যদিও আৰক্ষী প্রশাসনে এইক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ তদুপৰি গান্ধী মণ্ডপ পথত ৰৈ থকা উদণ্ড যুৱকৰ লগতে চিলনী চোৰে খাপ পিটি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ গান্ধী মণ্ডপ দর্শন কৰিবলৈ অহা মহিলা–যুৱতীসকলৰ্ ডিঙিৰ চেইন আৰু ম’বাইল ফোনৰ লগতে টকাৰ বেগ চিলনী চোৰে টানি নিয়া ইতিপূর্বে পোহৰলৈ আহিছে৷ ইয়াৰ পিছতো আৰক্ষীয়ে এইসকল উদণ্ড যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰাত দর্শনার্থীসকলে ক্ষোভ প্রকাশ কৰি পল্টনবজাৰ আৰক্ষীক শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়৷ তদুপৰি কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক এইক্ষেত্রত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ গান্ধীমণ্ডপ পথৰ দাঁতিত বাস কৰা লোকসকলে আহ্বান জনাইছে৷

You might also like