নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নী উমাসহ ক’ভিডত আক্রান্ত বর্ষীয়ান অভিনেতা প্রেম চোপ্রা

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ বলীউডৰ বিশিষ্ট অভিনেতা প্রেম চোপ্রা আৰু তেওঁৰ পত্নী উমা চোপ্রা ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আজি অভিনেতা দম্পতীক হাস্পতালত ভর্তি কৰা হৈছে৷ মুম্বাইৰ লীলাৱতী হাস্পতালত প্রেম চোপ্রা আৰু তেওঁৰ পত্নী উমাক এগৰাকী জ্যেষ্ঠ চিকিৎসকে চিকিৎসা প্রদান কৰিছে বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ চিকিৎসক ডাঃ জলিল পাৰকাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি, ৮৬ বছৰীয়া প্রেম চোপ্রা আৰু তেওঁৰ পত্নী উমাৰ স্বাস্থ্য সুস্থিৰ৷ আগন্তুক ২–৩ দিনৰ ভিতৰত সপত্নীক প্রেম চোপ্রাক ঘৰলৈ যাব দিয়া হ’ব বুলি উল্লেখ কৰিছে চিকিৎসকগৰাকীয়ে৷ স্মর্তব্য যে বলীউডৰ বহু জনপ্রিয় ছবিত খলনায়কৰ চৰিত্রত বলিষ্ঠ অভিনয়ৰ জৰিয়তে দেশ–বিদেশৰ অনুৰাগীৰ হূদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বর্ষীয়ান অভিনেতাগৰাকীয়ে৷ শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত ক’ভিডৰ সংক্রমণৰ তৃতীয় জোৱাৰ আৰম্ভ হোৱাৰ লগে লগে বলীউডলৈও পুনৰ বিয়পি পৰিছে এই মহামাৰী৷ ইতিমধ্যে অভিনেতা জন আব্রাহম, একতা কাপুৰ, নোৰা ফটেহি প্রমুখ্যে বহু অভিনেতা–ভিনেত্রী ক’ভিডত আক্রান্ত হৈছে৷

You might also like