নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰাণসীত গ্রেপ্তাৰ আইএছআইৰ এজেণ্ট

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাসবিৰোধী স্কোৱাডে (এটিএছ) কালি সন্দেহজনক আইএছআইৰ এজেণ্ট এটাক গ্রেপ্তাৰ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত৷ মহম্মদ ৰছিদ নামৰ আইএছআইৰ এজেণ্টটোৱে বাৰাণসীত থাকি পাকিস্তানলৈ বিভিন্ন তথ্য যোগান ধৰিছে৷

উল্লেখনীয় যে ২০১৭ৰ পৰা ৰছিদে পাকিস্তানৰ কৰাচীত থকা আত্মীয়ৰ ঘৰলৈ কেইবাবাৰো গৈছিল৷ আনকি কৰাচীতে নিজ খুড়ীয়েক হাছিনাৰ জীয়ৰীৰ সৈতে প্রণয় পাশত আবদ্ধ হৈছিল ৰছিদ৷ ২০১৯ চনৰ জুলাই মাহত চোৰাংচোৱাই আইএছআইৰ সৈতে ৰছিদৰ সম্পর্ক থকাৰ তথ্য লাভ কৰে৷ উল্লেখনীয় যে হোৱাটছএপৰ জৰিয়তে ৰছিদে সঘনে পাকিস্তানলৈ প্রেৰণ কৰিছিল গোপনীয় তথ্য৷

You might also like