নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ অনুষ্ঠানত গান গাবলৈ মাতি গায়িকাক বিহাৰত গণধর্ষণ

নিয়মীয়াবাৰ্তা,৯ মে’: বিবাহ অনুষ্ঠানত গান গাবলৈ মাতি আনি এগৰাকী গায়িকাক গণধর্ষণ কৰাৰ অভিযোগক লৈ উত্তাল হৈছে বিহাৰৰ ৰাজধানী চহৰ পাটনা৷ এই লজ্জানত ঘটনা সন্দর্ভত আৰক্ষীয়ে তিনিটা দুর্বৃত্তক গ্রেপ্তাৰ কৰিছে৷

আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি, পাটনাৰ ৰামকৃষ্ণ নগৰ অঞ্চলত এটা পৰিয়ালৰ বিবাহ অনুষ্ঠানত গান গাবলৈ আমন্ত্রণ কৰা হৈছিল এগৰাকী গায়িকাক৷ শুকুৰবাৰে নিশা গান গাই অনুষ্ঠান সামৰাৰ পিছতে গায়িকাগৰাকীক তিনি দুর্বৃত্তই সমীপৱর্তী ঘৰ এটালৈ লৈ গৈ বলাৎকাৰ কৰে৷ শনিবাৰে পুৱা কোনোমতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে গায়িকাগৰাকীয়ে৷ তাৰ পিছতে আৰক্ষীক অভিযোগ দিয়ে৷

অতি ক্ষিপ্রতাৰে তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে তিনিওটা দুর্বৃত্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গ্রেপ্তাৰ হোৱা এই তিনি দুর্বৃত্তৰ এজন নির্যাতিত গায়িকাগৰাকীৰ পূর্বপৰিচিত৷ এই ঘটনাক লৈ এতিয়া পাটনাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অভিযুক্তক চৰম শাস্তি বিহাৰ দাবীও তুলিছে একাংশ লোকে৷

You might also like