নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমুদ্রাকৰণৰ গোচৰৰ শুনানি গ্রহণ কৰিব ছুপ্রিম ক’র্টে

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিমুদ্রাকৰণৰ সিদ্ধান্ত সাংবিধানিকভাৱে বৈধ আছিলনে ছবছৰ পূর্বে এই সিদ্ধান্তক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বহু আবেদনকাৰী৷ অৱশেষত বিমুদ্রাকৰণৰ সাংবিধানিক বৈধতাক লৈ গোচৰবোৰৰ শুনানি গ্রহণৰ সিদ্ধান্ত লৈছে উচ্চতম ন্যায়ালয়ে৷ কাইলৈ দেশৰ শীর্ষ আদালতখনৰ বিচাৰপতি আব্দুল নাজিৰৰ নেতৃত্বাধীন ৫ সদস্যৰ বিচাৰপীঠে আবেদনকাৰীসকলৰ শুনানি গ্রহণ কৰিব৷ সংবাদ সংস্থাৰ সূত্র অনুসৰি বিমুদ্রাকৰণৰ বৈধতাক প্রত্যাহ্বান জনাই তৰা গোচৰসমূহৰ শুনানি কাইলৈ চাৰিখন সাংবিধানিক বিচাৰপীঠে গ্রহণ কৰিব৷

You might also like