নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মহিলাৰ মাজত উদ্বেগজনকভাৱে হ্রাস প্রজননৰ হাৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: সন্তান জন্ম দিয়াৰ প্রতি আগ্রহ কমি আহিছে ভাৰতীয় মহিলাৰ৷ শেহতীয়াকৈ এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ ছেম্পল ৰেজিষ্ট্রেচন ছিষ্টেম (এছআৰএছ)ৰ সমীক্ষাত দেখা গৈছে যে বিগত এটা দশকৰ ভিতৰত ভাৰতীয়সকলৰ মাজত সার্বিক প্রজননৰ হাৰ বা জেনেৰেল ফার্টিলিটী ৰেট (জিএফআৰ) ২০ শতাংশ হ্রাস পাইছে৷ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ প্রতি এহেজাৰ মহিলাৰ সন্তান জন্মৰ হাৰক জিএফআৰ হিচাপে চিহ্ণিত কৰিছে সংস্থাটোৱে৷ ইয়াৰ জৰিয়তে মহিলাসকলৰ সন্তান উৎপাদনৰ হাৰ হ্রাস–বৃদ্ধিৰ বিষয়টো জানিব পৰা যায়৷ গতিকে দেশ এখনৰ জনসংখ্যা ভৱিষ্যতে কি পর্যায়লৈ যাব সেয়াও নির্ভৰ কৰে এই সমীক্ষাৰ ওপৰত৷ ২০০৮ৰ পৰা ২০১০ চনৰ ভিতৰত ভাৰতৰ জি এফ আৰ আছিল ৮৬.১ শতাংশ৷ ২০১৮–২০ৰ ভিতৰত এই হাৰ ৬৮.৭ শতাংশলৈ অৱনমিত হয়৷

You might also like