নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰে মোকাবিলা কৰিবলৈ সাজু প্ৰতিৰক্ষা গৱেষণাগাৰ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ক’ৰোনাই মহামাৰী সৃষ্টি কৰা দেশৰ সংকটকালত তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণাগাৰে নিশ্চিতভাৱে দেশ তথা ৰাইজক সেৱা আগবঢ়াবলৈ বদ্ধ পৰিকৰ হৈছে । ইতিমধ্যে এই সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনা হৈছে আৰু গৱেষণাগাৰৰ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আছে ।

প্ৰণিধানযোগ্য যে এই বিশেষ গৱেষণাগাৰটোত তেজত ক’ৰোনাৰ বীজাণুৰ উপস্থিতি ধৰা পেলাব পৰা মুঠ চাৰিটা অত্যাধুনিক পি চি আৰ যন্ত্ৰ আছে ।

আনহাতে বিশ্ব স্বাস্থ্য় সংস্থাৰ ফৰ্মূলাৰ আধাৰত এই গৱেষণাগাৰত দুহাজাৰ পাঁচশ বটল চেনিটাইজাৰ প্ৰস্তুত কৰা হৈছে ।

You might also like