নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত এনআৰচি নিবিচাৰে নীতিশ কুমাৰে

বিধানসভাৰ বিশেষ অধিৱেশনৰ চিন্তা-চৰ্চা

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে ৰাজ্যখনত ৰাষ্ট্রীয় নাগৰিকপঞ্জী অর্থাৎ এন আৰ চিৰ প্রয়োজন নাই বুলি ঘোষণা কৰিছে৷ সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী আইনক নীতিশ কুমাৰৰ দল জে ডি(ইউ)–এ সমর্থন জনাইছিল যদিও শেহতীয়াকৈ এন আৰ চি আৰু এন পি আৰলৈ বিহাৰৰ ৰাজনীতিত চলি আছে বিতর্ক৷ এন আৰ চি আৰু এন পি আৰ সন্দর্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্রী নীতিশ কুমাৰে বিধানসভাৰ বিশেষ অধিৱেশন বিচাৰিছে৷ উল্লেখনীয় যে ৰাষ্ট্রীয় জনসংখ্যা পঞ্জীয়ন অর্থাৎ এন পি আৰ সম্পর্কত তাৎক্ষণিকভাৱে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ কিন্তু ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী তথা বিজেপি নেতা সুশীল মোদীয়ে বিহাৰত ১৫ মে’ৰ পৰা এন পি আৰ প্রকল্পৰ কাম আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে৷ পশ্চিমবংগ, কেৰালা আদি ৰাজ্যই ইতিমধ্যে এন পি আৰ অগ্রাহ্য কৰিছে৷

You might also like