নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সবৰীমালাৰ বাবে ৩ সপ্তাহ সময় ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ কেৰালাৰ সবৰীমালাৰ আয়াপ্পা মন্দিৰত মহিলাৰ প্রৱেশৰ গোচৰ সন্দর্ভত ৯জনীয়া সাংবিধানিক বিচাৰপীঠে সকলো পক্ষক তিনি সপ্তাহৰ সময় দিছে এই গোচৰটো সন্দর্ভত বিভিন্ন নথি দাখিল কৰিবলৈ৷ দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে নেতৃত্বাধীন ৯জনীয়া সাংবিধানিক বিচাৰপীঠে সোমবাৰে স্পষ্ট কৰি দিছে যে ন্যায়ালয়ে পূর্বৰ ৰায় সন্দর্ভত পুনৰীক্ষণৰ কোনো আবেদনৰ শুনানি গ্রহণ নকৰে৷ কিন্তু পূর্বৰ পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে উত্থাপন কৰা সাতটা প্রশ্ণ সন্দর্ভত বিবেচনা কৰিব৷ লক্ষণীয়ভাৱে সবৰীমালা মন্দিৰৰ গোচৰৰ এলানি আবেদনৰ সোমবাৰে শুনানি গ্রহণ কৰে বিচাৰপীঠখনে৷ মুখ্য ন্যায়াধীশ ব’বডে নেতৃত্বাধীন বিচাৰপীঠখনে সকলো পক্ষৰ অধিবক্তাক সবৰীমালা মন্দিৰত মহিলাৰ প্রৱেশ আৰু অন্যান্য ধর্মীয় বিষয় লৈ তিনি সপ্তাহৰ ভিতৰত যুক্তি দর্শোৱাৰ বাবে প্রস্তুতি সম্পন্ন কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখনীয় যে ১৭ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ সচিবপ্রধানক সকলো পক্ষৰ অধিবক্তাৰ মাজত এক আলোচনা অনুষ্ঠিত কৰাৰো নির্দেশ দিছিল৷ স্মর্তব্য যে সকলো বয়সৰ মহিলাক সবৰীমালাৰ আয়াপ্পা মন্দিৰত প্রৱেশৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ে পূর্বে দিয়া অনুমতিৰ ৰায়ক কেন্দ্র কৰি দেশজুৰি সৃষ্টি হৈছিল অস্থিৰতা৷ সবৰীমালাৰ আয়াপ্পা মন্দিৰত কেইবা শতিকা ধৰি ১০ৰ পৰা ৫০ বছৰ বয়সৰ মহিলাৰ প্রৱেশৰ ক্ষেত্রত পৰম্পৰাগতভাৱে নিষেধাজ্ঞা আৰোপ কৰি থোৱা হৈছিল৷ যোৱা বছৰ উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞা প্রত্যাহাৰৰ নির্দেশ দিয়াৰ পাছতে কেৰালাত কেইবাটাও অপ্রীতিকৰ ঘটনা সংঘটিত হৈছিল৷ এই ৰায়ৰ পুনৰীক্ষণৰ বাবে পৰৱর্তী সময়ত ন্যায়ালয়ত দাখিল হয় কেইবাখনো আবেদন৷

You might also like