নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত গণ ধর্ষণৰ বলি ছাত্রী; পাঁচ দুর্বৃত্তক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ মেঃ বিহাৰত সহপাঠীৰ গণধর্ষণৰ বলি হ’বলগীয়া হৈছে এগৰাকী ছাত্রী৷ ক’চিং ক্লাছত সঘনে ছাত্রীগৰাকীক পাঁচ সহপাঠীয়ে মানসিক আতিশয্য চলাইছিল৷ কিশোৰী এই ছাত্রীয়ে ছাত্রকেইজনৰ বিৰুদ্ধে শিক্ষকক অভিযোগ দিয়ে৷ আনকি পাঁচোজন ছাত্রৰ মানসিক আতিশয্যৰ বাবে কিছুদিন ক’চিং ক্লাছত যাবলৈ বন্ধ কৰি দিছিল ছাত্রীগৰাকীয়ে৷ শিক্ষকগৰাকীয়ে পৰৱর্তী সময়ত এনে ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি আশ্বাস দিয়াৰ পিছত ছাত্রীগৰাকীয়ে পুনৰ টিউচন ক্লাছলৈ নিয়মিতভাৱে যাবলৈ লৈছিল৷ বিহাৰৰ জামুই জিলাৰ ঘটনা এয়া৷ ছাত্রীগৰাকীৰ ওপৰত প্রতিশোধ ল’বলৈ পৰিকল্পনা চলাইছিল এই পাঁচোজন ছাত্রই৷ ক’চিং ক্লাছৰ পৰা উভতি অহাৰ সময়তে কালি পাঁচোজন ছাত্রই ছাত্রীগৰাকীক ৰাস্তাৰ পৰা অৰণ্য অঞ্চললৈ লৈ যায়৷ পাশৱিক ধর্ষণৰ পিছত ছাত্রীগৰাকীক পেলাই থৈ এই ছাত্রকেইজনে পলায়ন কৰে৷ ইতিমধ্যে ছাত্রীগৰাকীক হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷ ছাত্রীগৰাকীৰ অভিযোগৰ ভিত্তিত পাঁচোজন ছাত্রক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

You might also like