নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত অনুপ্রৱেশৰ বাবে কাশ্মীৰ সীমান্তত ডেৰশ সন্ত্রাসবাদী খাপ পিটি আছে

নিয়মীয়া বার্তা, ২৬ জুনঃ জম্মু–কাশ্মীৰৰ এল’চিত অর্থাৎ পাক অধিকৃত কাশ্মীৰৰ পৰা ভাৰতত অনুপ্রৱেশ কৰিবলৈ ডেৰশ সন্ত্রাসবাদী খাপ পিটি আছে৷ পাক অধিকৃত কাশ্মীৰত ৫০০ৰ পৰা ৭০০ সন্ত্রাসবাদীয়ে ১১টা শিবিৰত ইতিমধ্যে প্রশিক্ষণ চলাই আছে৷ এই প্রশিক্ষিত পাকিস্তানী সন্ত্রাসবাদীৰ ভিতৰত ডেৰশই ভাৰতত প্রৱেশ কৰিবলৈ সাজু হৈ আছে বুলি এগৰাকী সেনাৰ শীর্ষ বিষয়াই প্রকাশ কৰিছে৷ নাম প্রকাশ কৰিবলৈ অনিচ্ছুক সেনাৰ শীর্ষ বিষয়াগৰাকীৰ মতে, কাশ্মীৰ উপত্যকাত এল’চিত সন্ত্রাসবাদীৰ অনুপ্রৱেশ ভাৰতীয় সেনাই ব্যর্থ কৰিব পাৰিব৷ সীমান্তৰ সিপাৰৰ মানছেৰা, কটলি আৰু মুজাফফৰবাদত ১১টা প্রশিক্ষণ শিবিৰত প্রশিক্ষণ লৈ আছে৷ ইতিমধ্যে চোৰাংচোৱা সূত্রই জম্মু–কাশ্মীৰত ডেৰ শতাধিক পাকিস্তানী সন্ত্রাসবাদীয়ে অনুপ্রৱেশ কৰিবলৈ পূর্ণ প্রস্তুতি চলাই আছে বুলিও শীর্ষ সেনা বিষয়াগৰাকীয়ে প্রকাশ কৰিছে৷

উল্লেখ্য যে সীমান্তৰ সিপাৰৰ পৰা কাশ্মীৰ উপত্যকাত পাকিস্তানী সন্ত্রাসবাদীৰ অনুপ্রৱেশ বিগত বছৰৰ পৰা কিছু হ্রাস পাইছে যদিও ই সম্পূর্ণৰূপে বন্ধ হোৱা নাই৷ সীমান্তৰ সিপাৰৰ পৰা ভাৰতৰ ভূমিত প্রৱেশ কৰা ৫০তকৈ অধিক সন্ত্রাসবাদীক বিগত ৪০–৪২ দিনত নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে৷ গুৰুত্বপূর্ণ যে পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে শ্বাহৱাজ শ্বৰীফে দায়িত্ব গ্রহণ কৰাৰ পাছতে দেশখনৰ চোৰাংচোৱা সংস্থা আইএছআয়ে ভাৰতৰ ভূমিত সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি কৰাৰ বাবে সন্ত্রাসবাদী ভাৰতৰ ভূমিত অনুপ্রৱেশৰ বাবে সহায় আৰু সমর্থন জনাই আছে৷

You might also like