নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমালয়ত প্রথমবাৰৰ বাবে অতি দুষ্প্রাপ্য মাংসভোজী উদ্ভিদৰ সন্ধান

নিয়মীয়া বার্তা, ২৬ জুনঃ হিমালয়ৰ পশ্চিম প্রান্তত প্রথমবাৰৰ বাবে অতি দুষ্প্রাপ্য মাংসভোজী উদ্ভিদ প্রজাতিৰ সন্ধান পোৱা গৈছে৷ উত্তৰাখণ্ডৰ বন বিভাগৰ গৱেষকৰ দলে এই অতি দুষ্প্রাপ্য মাংসভোজী উদ্ভিদ প্রজাতিক চিনাক্ত কৰিছে৷ চামলি জিলাৰ মণ্ডল উপত্যকাত গৱেষকৰ দলে চিনাক্ত কৰা মাংসভোজী উদ্ভিদ প্রজাতিৰ নাম হৈছে উট্রিকুলাৰিয়া ফুৰচেল্লতা৷

চামলি জিলাৰ মুখ্য বন সংৰক্ষক (গৱেষণা) সঞ্জীৱ চতুর্বেদীয়ে প্রকাশ কৰা মতে, উত্তৰাখণ্ডতে নহয়, হিমালয়ৰ সমগ্র পশ্চিম প্রান্ততে এই দুষ্প্রাপ্য উদ্ভিদবিধ আছে৷ উত্তৰাখণ্ড বন বিভাগৰ বনাঞ্চলিক বিষয়া হৰিশ নেগী আৰু কনিষ্ঠ গৱেষক মনোজ সিঙৰ দ্বাৰা বিশ্বৰ প্রখ্যাত জার্নেল অৱ জাপানিজ বোটানিত এই উদ্ভিদবিধৰ সন্ধান পোৱা বুলি গৱেষণামূলক প্রতিবেদন প্রকাশ কৰিছে৷ উত্তৰাখণ্ডৰ বন বিভাগৰ বাবে এয়া গৌৰৱৰ কাৰণ যে বিভাগটোৱে প্রথমবাৰৰ বাবে সন্ধান পোৱা মাংসভোজী উদ্ভিদ প্রজাতি সন্দর্ভত প্রখ্যাত জার্নেলখনত প্রকাশ পাইছে৷

উল্লেখ্য যে হিমালয় সংলগ্ণ ৰাজ্যসমূহত অনেক বিৰল উদ্ভিদ আৰু প্রজাতি ইতিমধ্যে আৱিষ্কাৰ হৈছে৷

You might also like