নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৎকাৰৰ সময়তে এটি দেৱশিশু জীৱিত হোৱাৰ গুৰুতৰ অভিযোগঃ ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য!

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ :  মৃত ঘোষণা কৰা এটি দেৱশিশু জীৱিত হোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে।ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।এটা ডেৰ মহীয়া দেৱ শিশু চিকিৎসালয়ত মৃত ঘোষণা কৰাৰ পাছতে পুণৰ জীৱিত হোৱাৰ অভিযোগ কৰিছে পৰিয়াল তথা আত্মীয়ই।ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ জালান চাহ বাগিচাৰ পকা লাইনৰ লক্ষণ মূড়াৰ ডেৰ মহীয়া পুত্ৰৰ উশাহ-নিশাহ লোৱাৰ অসুবিধা হোৱাত অসম চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে ভৰ্ত্তি কৰিছিল।অৱশ্যে কালি সন্ধিয়া চিকিৎসাধীন অৱস্থাত শিশুটি মৃত বুলি চিকিৎসকে ঘোষণা কৰাত পৰিয়ালৰ লোকে নিজ গৃহলৈ আনি সৎকাৰৰ বাবে নীতি নিয়ম কৰে।পৰিয়াল,আত্মীয় আৰু স্থানীয় লোকে শিশুটি নিজ গৃহত নীতি নিয়ম সম্পন্ন কৰা পাছত ৰাজহুৱা শ্মশানত সমাধিস্থ কৰাৰ বাবে প্ৰস্তুতি চলাওঁতেই দেৱশিশুটি জীৱিত হৈ উঠা বুলি অভিযোগ কৰিছে।শিশুটিৰ চকুৰ পতা লৰচৰ কৰাৰ লগতে অন্যান্য আনুসংগিক স্বাভাৱিক কাৰ্যকলাপ কৰিবলৈ লোৱা বুলিও অভিযোগ কৰে পৰিয়াল তথা আত্মীয়ই।দেৱশিশুটি পুনৰ জী উঠাত ততাতৈয়াকৈ শিশুটি চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰেগৈ যদিও নিশা পুণৰ দেৱশিশুটিয়ে মৃত্যুক আকোঁৱালি লয় বুলি প্ৰকাশ।স্বাভাৱিকতে উক্ত ঘটনা পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like