নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মথুৰাৰ শ্রীকৃষ্ণ মন্দিৰৰ মাইক বন্ধ কৰি দিলে কর্তৃপক্ষই

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ সাম্প্রদায়িক অশান্তি ৰোধ কৰাৰ বাবে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ধর্মীয় অনুষ্ঠানৰ ভিতৰতে মাইকৰ সীমাবদ্ধ থাকিব লাগিব বুলি কঠোৰ নির্দেশনা জাৰি কৰাৰ পিছতে মথুৰাৰ শ্রীকৃষ্ণ মন্দিৰ চৌহদৰ ছাউণ্ড ছিষ্টেমৰ ছুইটচ বন্ধ কৰি দিয়া হৈছে৷ মন্দিৰটোৰ ওপৰত থকা ভাগৱত ভৱনৰ মাইকসমূহৰ ছুইটচ বন্ধ কৰি দিয়া বুলি   ঘোষণা কৰিছে শ্রীকৃষ্ণ জন্মভূমি ন্যাস আৰু শ্রীকৃষ্ণ জন্মস্থান সেৱা সংস্থানৰ সম্পাদক কপিল শর্মাই৷

লক্ষণীয়ভাৱে এই বিশাল মন্দিৰটোৰ চৌহদত কেইবাটাও মাইক স্থাপন কৰা হৈছিল৷ কিন্তু যোগী আদিত্যনাথৰ নির্দেশনালৈ সঁহাৰি জনাই মন্দিৰ ন্যাসে তাৎক্ষণিকভাৱে মাইকসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷

You might also like