নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাসাগৰৰ তলিতো প্রচণ্ড তাপ প্রবাহৰ প্রভাৱ

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ:  গোলকীয় উষ্ণতাৰ বাবে পৃথিৱীৰ উপৰিভাগত তাপমাত্রা বৃদ্ধি পোৱা বুলি বিজ্ঞানীসকল উদ্বিগ্ণ হৈ থকাৰ মাজতেই এইবাৰ মহাসাগৰৰ তলতো প্রচণ্ড তাপ প্রবাহৰ স্থিতি ধৰা পেলাইছে বিজ্ঞানীয়ে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নেচনেল অ’চেনিক এণ্ড এটম’ছফেৰিক এডমিনিষ্ট্রেচন (এন’এএ)ৰ গৱেষক–বিজ্ঞানী দল এটাই প্রথমবাৰৰ বাবে মহাসাগৰৰ তলতো প্রচণ্ড তাপ প্রবাহৰ স্থিতি ধৰা পেলাইছে৷ মহাসাগৰৰ পৃষ্ঠৰ পৰা তাপমাত্রাৰ তথ্য সূক্ষ্ম সূক্ষ্মকৈ নিৰীক্ষণ কৰি এন অ’ এ এৰ বিজ্ঞানী গৱেষকৰ দলটোৱে প্রকাশ কৰা প্রতিবেদন ‘নেচাৰ কমিউনিকেচন’ত ৰাজহুৱা হোৱাৰ পিছতে বিশ্বৰ আন বিজ্ঞানীয়ে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ মহাসাগৰৰ নিম্নভাগ অর্থাৎ তলিত প্রচণ্ড তাপ প্রবাহে সাগৰীয় জীৱ–জন্তুৰ প্রতি ভয়াৱহতা নমাই আনিছে৷ প্রথমবাৰৰ বাবে সাগৰৰ তলিপৃষ্ঠ ফুলি উঠা বিজ্ঞানীৰ দলটোৱে ধৰা পেলাইছে৷ প্রচণ্ড তাপ প্রবাহৰ বাবে সাগৰৰ তলিপৃষ্ঠ ফুলি উঠাৰ বাবে সাগৰীয় জীৱ–জন্তুৰ জীৱনৰ প্রতি ভাবুকি ক্রমান্বয়ে ভয়াৱহ হৈ উঠিছে বুলি প্রতিবেদনত প্রকাশ পাইছে৷ মহাসাগৰৰ গভীৰৰ পৰা গভীৰতালৈ তাপ প্রবাহৰ মাত্রা তীব্র হৈ উঠাত সাগৰৰ বৈশিষ্ট্যলৈ সংকট নমাই আনিছে৷ প্রতিবেদনত প্রকাশ পোৱা মতে আধা ডিগ্রী চেলছিয়াছৰ পৰা ৫ ডিগ্রী চেলছিয়াছলৈকে মহাসাগৰৰ পৃষ্ঠৰ তাপমাত্রা বৃদ্ধি পাইছে৷ এনেদৰে বর্ধিত তাপমাত্রাই মহাসাগৰৰ উষ্ণতা বৃদ্ধি কৰাৰ ফলত সাগৰীয় জীৱ–জন্তুৰ লগতে সাগৰৰ উপকূলীয় সম্প্রদায় আৰু অর্থনীতিৰ ওপৰতো নেতিবাচক প্রভাৱ পৰিব৷

You might also like