নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰুতি উদ্যোগৰ প্রাক্তন এমডি খাট্টাৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

পিএনবিৰ ১১০ কোটি আত্মসাতৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ মটৰ গাড়ী নির্মাণ সংস্থা মাৰুতি উদ্যোগৰ প্রাক্তন পৰিচালন সঞ্চালক (এম ডি) জগদীশ খাট্টাৰৰ বিৰুদ্ধে ১১০ কোটি টকাৰ বেংকৰ ঋণৰ প্রৱঞ্চনাৰ অভিযোগত গোচৰ ৰুজু কৰিছে কেন্দ্রীয় অনুসন্ধান সংস্থা চিবিআয়ে৷ মাৰুতি উদ্যোগে পাঞ্জাব নেচনেল বেংক (পিএনবি)ৰ ১১০ কোটি টকা প্রৱঞ্চনাৰে আত্মসাৎ কৰা বুলি অভিযোগ আনিছে চিবিআয়ে৷ আজি তদন্তকাৰী সংস্থাটোৰ এগৰাকী শীর্ষ বিষয়ববীয়াই সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ উল্লেখনীয় যে চিবিআয়ে ৰুজু কৰা গোচৰত খাট্টাৰ আৰু তেওঁৰ কোম্পানী কার্নেছন অ’টো ইণ্ডিয়া লিমিটেডৰ বাবেই পাঞ্জাব নেচনেল বেংকৰ ১১০ কোটি টকা লোকচান হোৱা বুলি উল্লেখ কৰিছে৷ ১৯৯৩ চনৰ পৰা ২০০৭ চনলৈ মাৰুতি উদ্যোগৰ বিভিন্ন দায়িত্বত আছিল জগদীশ খাট্টাৰ৷ অৱসৰ গ্রহণৰ সময়ত মাৰুতি উদ্যোগৰ পৰিচালন সঞ্চালকৰ দায়িত্ব পালন কৰিছিল বিষয়াগৰাকীয়ে৷ অৱসৰ গ্রহণৰ পাছত খাট্টাৰে কার্নেছন অটো ইণ্ডিয়া লিমিটেড মুকলি কৰি ২০০৯ চনত পাঞ্জাব নেচনেল বেংকৰ পৰা ১৭০ কোটি টকা ঋণ লাভ কৰিবলৈ সক্ষম হৈছিল৷

You might also like