নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলিৰ এসপ্তাহতে বুন্দেলখণ্ড এক্সপ্রেছ ৱে’ত ভাঙোন; ১৬ জুলাইত উদ্বোধন কৰিছিল মোদীয়ে

নিয়মীয়া বাৰ্তা, ২৩ জুলাই:  যোৱা ১৬ জুলাইত বুন্দেলখণ্ড এক্সপ্রেছ ৱে’ৰ উদ্বোধন কৰিছিল দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কিন্তু এটা সপ্তাহ নৌহওঁতেই এই এক্সপ্রেছ ৱে’ত ভাঙোন আৰম্ভ হৈছে৷ এক্সপ্রেছ ৱে’ৰ এটা খণ্ড ভাঙি পৰিছে কালি৷ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে তীব্র বিতর্ক৷ ১৫ হাজাৰ কোটি টকা ব্যয় কৰি নির্মাণ কৰা হৈছে এই পথটো৷ কেনেদৰে ৫ দিনৰ ভিতৰতে পথটোৰ এটা খণ্ড ভাগি পৰিল, তাক লৈ বিভিন্ন মহলত প্রশ্নৰ অৱতাৰণা হৈছে৷ যোৱা শনিবাৰে উত্তৰ প্রদেশৰ জালাউনত ২৯৬ কিলোমিটাৰ দৈর্ঘ্যৰ এক্সপ্রেছ ৱে’ উদ্বোধন কৰিছিল প্রধানমন্ত্রী মোদীয়ে৷ প্রবল বৃষ্টিপাতৰ ফলত অত্যাধুনিক প্রযুক্তিৰে নির্মিত পথটোৰ এটা খণ্ড এনেদৰে ধ্বংস হোৱা বুলি একাংশই ধাৰণা কৰিছে৷

পথটোত এনে বিপর্যয় নামি অহাৰ ফলত দুখন গাড়ী আৰু কেইবাখনো মটৰ চাইকেলো দুর্ঘটনাত পতিত হয়৷ তাৎক্ষণিকভাৱে ইয়াৰ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে যদিও এক্সপ্রেছ ৱে’ৰ নির্মাণকার্য অতি নিম্নমানৰ হোৱা বুলি বিভিন্নজনে সমালোচনা কৰিছে৷ চাৰিলেনযুক্ত এই এক্সপ্রেছ ৱে’ৰ আৰম্ভণিতে এনে দুর্দশা হ’লে ভৱিষ্যতে কি পৰিস্থিতিৰ সৃষ্টি হ’ব, তাক লৈও বিভিন্ন মহলত উদয় হৈছে প্রশ্ণ৷

You might also like