নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত বৃদ্ধি নাবালিকা অন্তঃসত্ত্বাৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২৩ জুলাই:  কেৰালাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে নাবালিকা অন্তঃসত্ত্বা হোৱাৰ ঘটনা৷ ইয়াক লৈ উদ্বেগ প্রকাশ কৰি স্কুলত জীৱনশৈলীৰ শিক্ষা বিস্তাৰত গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছে কেৰালা উচ্চ ন্যায়ালয়ে৷ আদালতৰ পর্যবেক্ষণ অনুসৰি, এনে অৱক্ষয়ৰ বাবে নীলা ছবি সুলভ হৈ পৰাটোৱেই জগৰীয়া৷ সম্প্রতি এজনী ১৩ বছৰীয়া নাবালিকাৰ গর্ভপাতৰ আবেদন দাখিল কৰা হৈছে কেৰালা উচ্চ ন্যায়ালয়ত৷ বিচাৰপতি ভিজি অৰুণৰ বিচাৰপীঠত গোচৰটোৰ শুনানি গ্রহণ কৰা হয়৷ ৩০ সপ্তাহৰ এই অন্তঃসত্ত্বা কিশোৰীজনীক গর্ভপাতৰ অনুমতি প্রদান কৰে অৰুণে৷ তেতিয়াই ৰাজ্যখনত নাবালিকা অন্তঃসত্ত্বাৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰে উচ্চ ন্যায়ালয়ে৷ ইণ্টাৰনেটৰ অবাধ ব্যৱহাৰৰ ফলত এনে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে বুলি ন্যায়ালয়ে ঘোষণা কৰে৷ গতিকে, সমগ্র বিষয়টোক গুৰুত্বসহকাৰে বিদ্যালয়সমূহত বিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে৷

You might also like