নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংবিধানৰ মূল গাঁথনিয়েই বিচাৰ ব্যৱস্থাৰ ‘ধ্রুৱতৰা’

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: কলেজিয়াম ব্যৱস্থা আৰু ন্যায়ালয়ৰ বিচাৰপতি নিয়োগৰ ক্ষেত্রত চৰকাৰ তথা ন্যায় ব্যৱস্থাৰ মাজত চলি থকা মতানৈক্যই ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনে মতানৈক্যৰ মাজতে আজি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে স্পষ্ট কৰি দিছে যে সংবিধানৰ মূল গাঁথনিক লৈয়েই চলিব ন্যায় ব্যৱস্থা৷ সংবিধানৰ মূল গাঁথনি বা ‘বেছিক্ছ ষ্ট্রাকচাৰ’ক ধ্রুৱতৰা আখ্যাও দিয়ে চন্দ্রচূড়ে৷ কিছুদিন পূর্বে ৰাজস্থানৰ এক সন্মিলনত অংশগ্রহণ কৰি দেশৰ উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়ে সংবিধানৰ মূল গাঁথনি তত্ত্বক লৈ প্রশ্ণৰ অৱতাৰণা কৰিছিল৷ ধনখড়ৰ সেই বক্তব্যক খাৰিজ কৰি দিয়ে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুৰব্বীয়ে৷ কালি মুম্বাইত আইনজীৱী ননী পালকিৱালা স্মাৰক বত্তৃণতানুষ্ঠানত ভাষণ দিয়ে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে৷ এই ভাষণত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সংবিধানৰ মূল গাঁথনি ন্যায় ব্যৱস্থাৰ বাবে ধ্রুৱতৰা সদৃশ৷ ন্যায় ব্যৱস্থাৰ পথ যেতিয়া অন্ধকাৰে ঢ়াকি পেলায়, তেতিয়া সংবিধানৰ এই মূল গাঁথনিয়ে সঠিক দিশ লোৱাৰ ক্ষেত্রত সাহায্য আগবঢ়ায়৷ সংবিধানৰ মূল গাঁথনিৰ ধাৰণা ব্যাখ্যা কৰি চন্দ্রচূড়ে এই কথাও উল্লেখ কৰে যে সংবিধানৰ ভিতৰত থকা ধর্মনিৰপেক্ষতা, যুক্তৰাষ্ট্রীয় ব্যৱস্থা ক্ষমতাৰ স্বতন্ত্রীকৰণ ইত্যাদি আৱর্তিত হয় এই ধাৰণাক কেন্দ্র কৰি৷

You might also like