নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোতকৈ স্বচ্ছ প্রতিষ্ঠান উচ্চতম ন্যায়ালয়

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: বিচাৰপতি নিয়োগৰ ক্ষেত্রত কোনো কাৰণতে কলেজিয়াম ব্যৱস্থাৰ পৰিৱর্তন কৰা নহ’ব৷ এই কথা ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে৷ কলেজিয়ামৰ বৈঠকৰ তথ্য বিচাৰি তথ্যজনাৰ অধিকাৰ আইনৰ এক গোচৰৰ শুনানিৰ সময়ত শীর্ষ আদালতখনে উল্লেখ কৰিছে যে উচ্চতম ন্যায়ালয়েই আটাইতকৈ স্বচ্ছ প্রতিষ্ঠান৷ কলেজিয়াম সভাৰ তথ্যৰ দাবীত এই আবেদনৰ ৰায় আজি সংৰক্ষিত ৰাখে বিচাৰপতি এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠে৷ কলেজিয়ামক লৈ প্রশ্ণও উত্থাপন কৰা হৈছে আবেদনত৷

You might also like