নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমৱর্ক নকৰা ছাত্রই শিক্ষকৰ শাস্তিৰ পাছতে দুমহলাৰ পৰা দিলে জাঁপ

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: শিক্ষকে দিয়া হোমৱর্ক শেষ কৰিবলৈ সক্ষম হোৱা নাছিল এজন ছাত্র৷ বিদ্যালয়ত শাস্তি লাভ কৰি আতংকিত ছাত্রজনে দুমহলাৰ ওপৰৰ পৰা তললৈ জাঁপ দিয়ে৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ আলিগড়ৰ এখন বিদ্যালয়ত৷ গুৰুতৰভাৱে আহত অষ্টম শ্রেণীৰ ছাত্রজনক তাৎক্ষণিকভাৱে হাস্পতালত ভর্তি কৰা হৈছে৷ বর্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে যদিও ছাত্রজনৰ অৱস্থা সংকটজনক বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, অষ্টম শ্রেণীৰ এই ছাত্রজনে স্কুলৰ উর্দু বিভাগৰ শিক্ষকে দিয়া হোমৱর্ক শেষ নকৰি ছ’চিয়েল মিডিয়াত ভিডি’ বনোৱাত ব্যস্ত হৈ আছিল৷ বিষয়টো জনাৰ পাছতে খঙত অগ্ণিশর্মা হৈ পৰে শিক্ষকগৰাকী৷ ইয়াৰ পাছতে শিক্ষকগৰাকীয়ে ছাত্রজনক শ্রেণীকোঠাত শাস্তি দিয়ে৷ স্কুলৰ চিচি টিভি ফুটেজত শিক্ষকগৰাকীয়ে ছাত্রজনক শাস্তি প্রদান কৰাৰ দৃশ্য পোহৰলৈ আহিছে৷ শাস্তি পোৱাৰ পাছতে ছাত্রজনে তললৈ জাঁপ দিয়ে৷

You might also like