নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীৰ উৰুকাক লৈ উথপথপ মহানগৰীৰ বজাৰ

হাঁহ-কুকুৰা-পাৰ-ছাগলী মাছ-অন্যান্য খাদ্য সামগ্ৰীৰে ভৰিছে গুৱাহাটী

নিয়মীয়া বাৰ্তা জানুৱাৰীঃ আজি ভোগালী বিহুৰ উৰুকা৷ সমগ্র ৰাজ্যৰ লগতে মহানগৰীতো হেঁপাহৰ ভোগালী বিহুৰ প্রস্তুতি প্রায় সম্পন্ন কৰি তুলিছে৷ মহানাগৰিকে ভোগালী বিহুৰ উৰুকাৰ নিশা লগে–ভাগে এসাঁজ খোৱাৰ বাবে এতিয়া অধীৰ আগ্রহেৰে বাট চাই আছে৷ ভোগালী বিহুৰ ঐতিহ্যমণ্ডিত পৰম্পৰা ৰক্ষা কৰাৰ বাবে এতিয়া মহানগৰীত উথপ্থপ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ ভোগালীক কেন্দ্র কৰি মহানগৰীৰ বজাৰ উভৈনদী হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা হাঁহ–কুকুৰা, পাৰ, ছাগলী, বিভিন্ন প্রজাতিৰ মাছ আৰু অন্যান্য খাদ্য সামগ্রীৰে৷ প্রান্তে প্রান্তে ভৰি পৰিছে নামনি আৰু উজনি অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৰৌ, বৰালি, চিতল আৰু অন্যান্য প্রজাতিৰ মাছ৷ মহানগৰীৰ উজানবজাৰ, গণেশগুৰি, বেলতলা আৰু পামহী বজাৰত উপলব্ধ হৈছে থলুৱা প্রজাতিৰ মাছ৷ বিশেষকৈ, উজানবজাৰৰ ব্রহ্মপুত্রৰ পাৰত স্থাপিত পাইকাৰী মাছৰ বজাৰত সৃষ্টি হৈছে এক উখল–মাখল পৰিৱেশ৷ কাইলৈ পুৱা ৪ বজাৰ পৰা বজাৰখনত উৰুকাৰ বজাৰ আৰম্ভ হ’ব বুলি বজাৰ পৰিচালনা সমিতিৰ সম্পাদক ভাস্কৰ দাসে জানিবলৈ দিছে৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকলে আহি বাহৰ পাতিছে বজাৰত৷ বজাৰখনলৈ এইবেলি উৰুকাৰ বাবে প্রায় ৬০–৭০ টন বিভিন্ন প্রকাৰৰ থলুৱা মাছ বিক্রীৰ বাবে অনা হ’ব৷ ইয়াৰ বিপৰীতে ৩২গৰাকী পাইকাৰী আৰু পাঁচশতাধিক খুচুৰা ব্যৱসায়ীয়ে মাছ বিক্রী কৰিব৷ লক্ষণীয়ভাৱে, বজাৰখনত পৰিচালনা সমিতিয়ে চালানী মাছ নিষিদ্ধ কৰি কোনো ব্যৱসায়ীয়ে যদি উৰুকা উপলক্ষে বজাৰত চালানী মাছ বিক্রী কৰে, তেন্তে তাৰ ওপৰত বজাৰ পৰিচালনা সমিতিয়ে বিহিত ব্যৱস্থা গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে৷ আনহাতে, হাঁহ–কুকুৰাৰ পৰা ছাগলীৰ মাংসলৈ প্রতিবিধ সামগ্রীৰে দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এইবেলি উৰুকাৰ বজাৰত প্রতিকিলো ছাগলীৰ মাংসৰ দাম ৬৫০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি কুৰেশ্বী মীট এছ’চিয়েচনৰ সম্পাদক মকবুল আলীয়ে জানিবলৈ দিছে৷ একেদৰে হাঁহ–কুকুৰাৰ দামো পূর্বৰ তুলনাত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

You might also like