নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্ধাৰিত সময়ৰ পূর্বে শিশু জন্মত প্রথম শাৰীত স্থান ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১১ মে’: প্রতি ২ ছেকেণ্ডত নির্দিষ্ট সময়ৰ পূর্বে ভূমিষ্ঠ হয় এটি শিশু৷ প্রতি ৪০ ছেকেণ্ডত মৃত্যু হয় অপৈণত অৱস্থাত জন্মা এটি শিশুৰ৷ এই উদ্বেগজনক তথ্য দিলে ৰাষ্ট্রসংঘই৷ গর্ভাৱস্থাৰ ৩৭ সপ্তাহৰ পূর্বে শিশুৰ জন্ম হ’লে সেই শিশুৰ জন্ম নির্ধাৰিত সময়ৰ পূর্বে হোৱা বুলি ধৰি লোৱা হয়৷ ২০২০ চনৰ হিচাপ অনুসৰি এই ধৰণৰ শিশু প্রায় আধাসংখ্যকেই জন্ম হয় পাঁচখন দেশত৷ ইয়াৰ অন্যতম হৈছে ভাৰত৷ বাকী দেশ কেইখন হৈছে পাকিস্তান, নাইজেৰিয়া, চীন আৰু ইথি’পিয়া৷ এই ৫খন দেশত ৪৫ শতাংশ জন্ম হয় বুলি ৰাষ্ট্রসংঘৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷

You might also like