নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“চীট বেল্ট বান্ধি লওক, বতৰ অৱনতি ঘটিব গৈ আছে…” জন্মদিনত শ্বাহৰুখ খানে মুকলি কৰিলে পাঠানৰ একচন ভৰ্তি টিজাৰ

নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ আজি ৫৭ বছৰ সম্পূৰ্ণ হ’ল। তেওঁৰ জন্মদিনটো অনুৰাগীসকলৰ বাবে এক ডাঙৰ উৎসৱতকৈ কম নহয়। যাৰবাবে জন্মদিনত অনুৰাগীসকলক চাৰপ্ৰাইজ দিছে কিং খানে। আচলতে শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি ‘পাথান’ৰ টিজাৰ আজি মুকলি কৰিছে। বাদশ্বাহে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত টিজাৰ মুকলি কৰি অনুৰাগীসকলক উপহাৰ দিছে।

শ্বাহৰুখে টুইটটোত লিখিছে, “আপোনাৰ চকীৰ বেল্ট বান্ধি লওক…২০২৩ চনৰ ২৫ জানুৱাৰীত আপোনাৰ ওচৰৰ ডাঙৰ পৰ্দাত YRF50 ৰ সৈতে পাঠান উপভোগ কৰক। উল্লেখ্য যে বহু প্ৰত্যাশিত ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰিব।

‘পাথান’ৰ টিজাৰটোত শ্বাহৰুখ, দীপিকা পাডুকন আৰু জন আব্ৰাহামক দেখা গৈছে। একে সময়তে টিজাৰ চায়ে অনুৰাগীসকলে ধাৰণা কৰিব পাৰিছে যে শ্বাহৰুখে এইবাৰ নিজৰ অনুৰাগীসকলক একচন ভৰ্তি এখন ছবি উপহাৰ দিবলৈ ওলাইছে। ইয়াৰ লগে লগে অনুৰাগীসকলে আকৌ এবাৰ দীপিকা আৰু শ্বাহৰুখৰ যুটিক চাবলৈ পাব। ইয়াৰ পূৰ্বে দীপিকা আৰু শ্বাহৰুখ খানৰ যুটিয়ে ‘ওম শান্তি ওম’, ‘চেন্নাই এক্সপ্ৰেছ’ আৰু ‘হেপি নিউ ইয়েৰ’ত অভিনয় কৰিছে।

You might also like