নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূর্যপৃষ্ঠৰ পৰা হঠাতে বিশাল অংশ বিচ্ছিন্ন হৈ সৃষ্টি হ’ল ঘূর্ণি ধুমুহা

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: ভয়াৱহ মহাজাগতিক প্রক্রিয়া৷ সূর্যপৃষ্ঠৰ পৰা এটা বিশাল অংশ বিচ্ছিন্ন হৈ গৈ তাৰ উত্তৰ মেৰুৰ চাৰিওফালে ঘূর্ণি ধুমুহাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই ঘটনাক লৈ বিস্মিত জ্যোতির্বিজ্ঞানীসকল৷ কি কাৰণত এনে প্রক্রিয়াৰ সৃষ্টি হৈছে, তাক লৈ ইতিমধ্যে বিশ্লেষণ আৰম্ভ কৰিছে জ্যোতির্বিজ্ঞানীসকলে৷ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ জেমছ ৱেব টেলিস্কোপৰ জৰিয়তে যোৱা সপ্তাহত এই মহাজাগতিক দৃশ্য ধৰা পেলোৱা হৈছিল৷ শেহতীয়াকৈ এই ঘটনাৰ কথা উল্লেখ কৰি টুইটাৰত পোষ্ট দিছে টেমিথা স্কোভে৷ মহাকাশৰ বতৰ সন্দর্ভত পূর্বাভাস দিয়াটোৱেই টেমিথা স্কোভৰ কাম৷ সূর্যৰ পৰা ৰশ্মিৰ বিকিৰণৰ ফলত বিভিন্ন সময়ত পৃথিৱীৰ যোগাযোগ ব্যৱস্থা প্রভাৱিত হয়৷

শেহতীয়া এই মহাজাগতিক ঘটনাৰ ফলত পৃথিৱীৰ ওপৰত কেনে প্রভাৱ পৰিব পাৰে, তাক লৈ বিজ্ঞানীসকলৰ মাজত বৃদ্ধি পাইছে কৌতূহল৷ মহাকাশ সন্দর্ভত অধ্যয়ন চলাই থকা টেমিথা স্কোভে উল্লেখ কৰা অনুসৰি, ইয়াক ‘পোলাৰ ভর্টেক্স’ বুলি কোৱা হয়৷ সূর্যৰ উত্তৰ মেৰুত প্রধান ফিলামেণ্টৰ পৰা এটা বৃহৎ অংশ বিচ্ছিন্ন হৈ গৈছে আৰু সেই স্থানত এক ঘূর্ণি ধুমুহাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি স্কোভে টুইটাৰত উল্লেখ কৰিছে৷ উল্লেখনীয় যে যি স্থানত এই পৰিঘটনাৰ সৃষ্টি হৈছে সেয়া স্থিৰ নহয়, বৰঞ্চ ঘূর্ণীয়মাণ বুলি উল্লেখ কৰিছে টেমিথা স্কোভে৷ বহু দশক ধৰি সূর্যৰ পর্যবেক্ষণ কৰি আহিছে আমেৰিকাৰ নেচনেল চেণ্টাৰ ফৰ এটমস্ফেৰিক ৰিছার্চৰ সৌৰ পদার্থবিদ স্কট মেকইনটছে৷ স্কটৰ মতে এই ধৰণৰ দৃশ্য পূর্বতে তেওঁ কেতিয়াও দেখা নাছিল৷

You might also like