নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লীগপন্থী’ মানসিকতা কিয়? উচ্ছেদ: বৰদলৈ–মেধি আৰু বর্তমান

  • ধ্রুৱ মহন্ত

প্রব্রজন–অনুপ্রৱেশ, চৰকাৰী ভূমি–বনাঞ্চল–গ্রেজি ভূমি–জলাশয়–সত্রৰ ভূমি আদিত ব্যাপক বেদখল আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱর্তনৰ পটভূমিত বিগত এটা শতিকাজুৰি এই সমস্যাৱলীয়ে অসমৰ জাতীয় জীৱনক ব্যাপকভাৱে ব্যতিব্যস্ত কৰি আহিছে৷ বিগত শতিকাটোত এনে উদ্বেগজনক পৰিস্থিতিৰ বাবেই অসমৰ খিলঞ্জীয়া জনসাধাৰণে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে বাৰম্বাৰ যুঁজ কৰিবলগীয়া হৈছে৷ ব্রিটিছ আমোলত মুছলিম লীগৰ চৈয়দ ছাদুল্লা চৰকাৰে ‘গ্র’ ম’ৰ ফুড’ আঁচনিৰ নামত পূর্ববংগৰ পৰা অসমলৈ প্রব্রজনকাৰীৰ ভয়াৱহ সোঁত বোৱাই যি এক শ্বাসৰুদ্ধ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, তাৰ ভয়াৱহ যন্ত্রণা অসমৰ খিলঞ্জীয়া জনসাধাৰণে এতিয়াও চূডান্তভাৱে ভোগ কৰি আছে৷ বিগত শতিকাটোত বিভিন্ন সময়ত এনেবোৰ বেদখলকাৰীক উচ্ছেদ কৰি খেদি পঠিওৱাৰ চেষ্টা কৰা হৈছে যদিও প্রব্রজনকাৰী–নুপ্র্ দলে বিভিন্ন কৌশলেৰে পুনৰ উচ্ছেদিত অঞ্চলত খোপনি পুতি বহিছেহি৷ গোপীনাথ বৰদলৈ, বিষুৰাম মেধিৰ চৰকাৰৰ আমোলত এনে কেইবা লাখ বেদখলকাৰীক উচ্ছেদ কৰি খেদি পঠিওৱা হৈছিল৷ কিন্তু পৰৱর্তী পর্যায়ত কংগ্রেছৰ ভোটবেংকৰ অংকত চৰকাৰৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত এই প্রব্রজনকাৰী–নুপ্র্ পুনৰ অসমৰ বুকুত খোপনি পুতিলেহি৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে কোনো কোনো অঞ্চলত এনেবোৰ বেদখলকাৰীক উচ্ছেদ কৰাৰ প্রয়াস কৰিছে যদিও অনুপ্রৱেশকাৰীৰ পৃষ্ঠপোষক ৰাজনৈতিক শক্তিসমূহে বাৰম্বাৰ এইক্ষেত্রত বাধাৰ সৃষ্টি কৰি আহিছে৷ আনহাতে, একাংশ বুদ্ধিভ্রষ্ট বুদ্ধিজীৱীয়ে অসমৰ আর্থ–সামাজিক, সাংসৃকতিক পৰিচয়ৰ লগতে পাৰিপার্শ্বিক ভাৰসাম্যৰ প্রতি ভয়ংকৰ ভাবুকি সৃষ্টিৰ পিছতো বনাঞ্চল, চৰকাৰী ভূমি, সত্রৰ ভূমি আদিত চলোৱা বেদখল উচ্ছেদৰ বিৰোধিতা কৰি আহিছে৷ এওঁলোকৰ যুক্তি হৈছে– বেদখলকাৰীসকল যদি বিদেশী, তেন্তে বহিষ্কাৰ কৰক৷ কিন্তু যদি ভাৰতীয় নাগৰিক, তেন্তে কিয় উচ্ছেদ কৰিব? প্রশ্ন হৈছে– কোনো ব্যক্তি ভাৰতীয় নাগৰিক হ’লেই সর্বত্র বেদখলৰ অধিকাৰ পায় নেকি? কাইলৈ কোনোবাই গুৱাহাটীৰ জজ খেলপথাৰ বা লতাশিল খেলপথাৰত বেদখল চলালেও সেয়া আমি মানি ল’ব লাগিব নেকি?

বেদখল এক সাংবিধানিক অধিকাৰ নেকি?
অসমকেশৰীৰ জাতিৰক্ষাৰ উদাত্ত আহ্বান
অসমত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰা আৰু ১৯৩৭ চনৰ পিছত প্রব্রজন কৰা বেদখলকাৰীক উচ্ছেদৰ প্রবল দাবী ডত্থাপন কৰি ১৯৪৬ চনতে অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে লিখিছিল– ‘মাটিৰ সমষ্টি লৈয়ে দেশ,– দেশ লৈয়ে জাতি আৰু দেশৰ মাটিতেই জী থাকে সেই জাতিৰ লোকবিলাক৷ সেইবাবেই ব্রিটিছ আদি সাম্রাজ্যবাদীসকলে আন জাতি এটাক নির্মূল কৰি বা আধামৰা কৰি সেই দেশৰ বুকুত শোষণধর্ম নির্বিবাদে চলাই থাকিবলৈকে পোনপ্রথমতে সেই দেশৰ মাটিকেই দখল কৰি লয়৷ সাম্রাজ্যবাদী ব্রিটিছৰ প্রিয় শিষ্য মুছলিম লীগেও সেইবাবে অসমীয়া জাতিক নির্মূল কৰি পাৰস্পৰিক সহযোগেৰে অসমৰ ওপৰত ব্রিটিছ–পাকিস্তানী শোষণ অব্যাহত চলাই থাকিবলৈকে, বাহিৰৰ পৰা মুছলিম লীগপন্থী অবাৰিত পমুৱাৰ সোঁত বোৱাই, অসমক ৰক্ষা কৰিবলৈকে প্রৱর্তন কৰা লাইন প্রথাটো বলেৰে উচ্ছেদ কৰি চৰণীয়া ৰিজার্ভ, গৱর্নমেণ্টৰ ৰিজার্ভ আৰু পট্টাৰ মাটিতো বে–আইনী পমুৱাৰ সোঁত সুমুৱাই দি গাঁৱে–ভূঞে এই মাটিকেই দখল কৰিব ধৰিছে আৰু এই আইনবিৰুদ্ধ অৰাজকতা দমন কৰিবলৈকে গ্রহণ কৰা অসম চৰকাৰৰ উচ্ছেদ নীতি ব্যর্থ কৰি অসমক পাকিস্তানভুক্ত কৰিবলৈকে প্রবলভাৱে সংঘবদ্ধ হৈছে৷ এই মাটি অসমীয়াৰ হাতৰ পৰা গ’লে সবংশে নির্মূল হ’ব৷ অসমৰ মাটি অসমীয়াৰ চিৰকলীয়া পৈতৃক জাতীয় সম্পত্তি৷ এই পৈতৃক সম্পত্তি অসমীয়াই সংঘবদ্ধ শক্তিৰে সর্বতোভাৱে ৰক্ষা কৰিবই লাগিব৷ নহ’লে অসমীয়াৰ ৰক্ষা নাই৷ অসমৰ বাহিৰে অসমীয়া জাতি ৰক্ষা পৰিবলৈকে আন ক’তো ঠাই নাই৷’ (অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাৱলী)

বৰদলৈ–মেধিয়ে চলাইছিল ব্যাপক উচ্ছেদ অভিযান
ব্রিটিছ আমোলত মুছলিম লীগ চৰকাৰৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত অসমত পূর্ববংগীয় মুছলমানৰ ভয়ংকৰ আগ্রাসনৰ বিৰুদ্ধে সেই সময়ৰ কংগ্রেছ নেতৃত্বই তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ লগতে কংগ্রেছ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত ব্যাপক উচ্ছেদ অভিযানো চলাইছিল৷ আনকি কংগ্রেছ তথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্রবল প্রতিবাদৰ সন্মুুখত মুছলিম লীগ চৰকাৰেই বাধ্য হৈ ১৯৪৫ চনৰ ২৩ জুলাইত বেদখলকাৰীক উচ্ছেদৰ সিদ্ধান্ত গ্রহণ কৰি আনুষ্ঠানিক জাননী জাৰি কৰিছিল৷ লীগ চৰকাৰে ১৯৪৫ চনৰ ২৩ ডিচেম্বৰত অসমৰ বিভিন্ন জিলাত উচ্ছেদৰ জাননীও জাৰি কৰিছিল৷ অৱশ্যে মুছলিম লীগ চৰকাৰে বেদখলকাৰীক উচ্ছেদৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাছিল, বৰং পাকে–প্রকাৰে বেদখলকাৰীক সুৰক্ষাহে দিছিল৷ পিছত লীগ চৰকাৰক ক্ষমতাচ্যুত কৰি লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্রধানমন্ত্রিত্বত গঠিত চৰকাৰত বিষুৰাম মেধিয়ে ৰাজহমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পিছত কংগ্রেছ চৰকাৰে ব্যাপক হাৰত বেদখলকাৰী উচ্ছেদ অভিযান আৰম্ভ কৰে৷ কিন্তু এইক্ষেত্রতো বর্তমানৰ একাংশ ৰাজনৈতিক নেতা–বুদ্ধিজীৱীৰ দৰেই সেই সময়ৰ মুছলিম লীগৰ নেতা–বিধায়কসকলে উচ্ছেদ অভিযানৰ তীব্র বিৰোধিতা কৰি বাৰম্বাৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷

ছয়গাঁৱত চলিছিল উচ্ছেদ অভিযান
বৰদলৈ চৰকাৰে দায়িত্ব লোৱাৰ পিছতে ১৯৪৬ চনৰ ২৮ ফেব্রুৱাৰীত তেতিয়াৰ গুৱাহাটী মহকুমাৰ ছয়গাঁও ৰাজহ চক্রৰ পুকুৰীপাৰ অঞ্চলৰ ৫৪টা পৰিয়ালক উচ্ছেদ কৰে৷ লগে লগে মুছলিম লীগৰ মৌলবী আব্দুল মতিন চৌধুৰী, মৌলবী আব্দুল হামিদ আদি বিধায়কসকলে বিধানসভাত এটা সভাস্থগিত প্রস্তাৱ ডত্থাপন কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ মৌলবী আব্দুল মতিন চৌধুৰীয়ে সদনত অভিযোগ তুলিছিল– ‘প্রশাসনৰ বিষয়াই আৰক্ষী আৰু স্থানীয় বৃহৎসংখ্যক অসমীয়া হিন্দু লোকৰ লগ হৈ ঘৰ–বাৰী ভাঙি পেলাই প্রায় ২০০ লোকক গৃহহীন কৰিছে৷ উচ্ছেদৰ সময়ত খেতিপথাৰ নষ্ট কৰাৰ লগতে এটা মছজিদো ভাঙি পেলাইছে৷ এয়া চৰকাৰৰ চূডান্ত নৃশংস আৰু অমানৱীয় পদক্ষেপ৷’
মুছলিম লীগৰ বিধায়কসকলৰ সভাস্থগিত প্রস্তাৱৰ বিৰোধিতা কৰি তেতিয়াৰ ৰাজহমন্ত্রী বিষুৰাম মেধিয়ে সদনত কৈছিল– ‘পূর্বৰ মুছলিম লীগ চৰকাৰে ১৯৪৫ চনৰ ২৩ জুলাইতে বেদখল উচ্ছেদ সন্দর্ভত নির্দেশনা জাৰি কৰিছিল আৰু কংগ্রেছ চৰকাৰে সেয়া কার্যকৰীহে কৰিছে৷ এই সমগ্র এলেকাটো গ্রেজিং ৰিজার্ভ৷ ডক্ত এলেকাত কোনো খেতি–বাতি নাছিলেই৷ তদুপৰি এই ৫৪টা পৰিয়ালক ১৯৪৫ চনৰ ২০ এপ্রিলত উচ্ছেদ কৰা হৈছিল যদিও ইয়াৰে ৪৪টা পৰিয়ালে চৰকাৰী নির্দেশ অমান্য কৰি পুনৰ ডক্ত এলেকাত অবৈধভাৱে ঘৰ সাজিছিল৷ চৰকাৰী জাননী জাৰিৰ পিছত ইয়াৰে একাংশ পৰিয়ালে নিজেই নিজৰ ঘৰ ভাঙি নিছিল আৰু বাকীসকলক উচ্ছেদ কৰা হৈছিল৷ তদুপৰি বিৰোধীয়ে ডত্থাপন কৰা মছজিদ ভঙাৰ অভিযোগ সম্পূর্ণ ভুৱা আৰু তাত কোনো মছজিদ উচ্ছেদ কৰা হোৱা নাছিল৷’ (অসম বিধানসভাৰ কার্যবিৱৰণী)

ব্যাপক উচ্ছেদ অভিযান চলিছিল মঙলদৈ–বৰপেটাতো
১৯৪৬ চনত গোপীনাথ বৰদলৈ চৰকাৰৰ আমোলতে মঙলদৈ আৰু বৰপেটা মহকুমাতো প্রব্রজনকাৰীৰ ব্যাপক বেদখলৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছিল৷ মুছলিম লীগৰ বিধায়কসকলে মঙলদৈ আৰু বৰপেটাৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধেও সভাস্থগিত প্রস্তাৱ আনি বিধানসভাত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ মুছলিম লীগৰ মৌলানা চৈয়দ আব্দুৰ ৰৌফ, মৌলবী আব্দুল হামিদ, মৌলবী মইনডদ্দিন আহমেদ চৌধুৰী আদিয়ে মঙলদৈ আৰু বৰপেটাৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে সভাস্থগিত প্রস্তাৱ আনি বাৰিষা কালত উচ্ছেদ অভিযান চলাই কংগ্রেছ চৰকাৰে অমানৱীয়তাৰ পৰিচয় দিয়া বুলি অভিযোগ আনিছিল৷ এই প্রব্রজনকাৰীসকলে উচ্ছেদৰ পিছত মঙলদৈ আৰু বৰপেটাত চৰকাৰী ভূমিত পুনৰ বেদখল কৰাৰ ঘটনা স্বীকাৰ কৰাৰ পিছতো মুছলিম লীগৰ বিধায়কসকলৰ যুক্তি আছিল– বাৰিষা কালত উচ্ছেদ অভিযান চলোৱাটো অমানৱীয় আৰু বর্বৰতাৰ পৰিচয়৷ মুছলিম লীগৰ বিধায়কসকলৰ অভিযোগ আছিল– বৰদলৈ চৰকাৰে মঙলদৈ আৰু বৰপেটাত হাজাৰ হাজাৰ লোকৰ ঘৰ জ্বলাই দি উচ্ছেদ কৰি গৃহহীন কৰাৰ লগতে খেতিপথাৰো নষ্ট কৰিছে আৰু এই প্রব্রজনকাৰীসকল দুর্যোগৰ মুখলৈ ঠেলি দি ভয়ংকৰ নৃশংসতাৰ ডদাহৰণ দাঙি ধৰিছে৷
অৱশ্যে মুছলিম লীগৰ বিধায়কসকলৰ অভিযোগক পোনপটীয়াকৈ নাকচ কৰি তেতিয়াৰ ৰাজহমন্ত্রী বিষুৰাম মেধিয়ে বিধানসভাত কৈছিল– ‘বিশেষ চক্রৰ ডচটনিত বৃহৎসংখ্যক বাহিৰা লোকে আহি এই গ্রেজিং ৰিজার্ভবোৰত বেদখল চলাইছিল৷ চৰকাৰে নিশ্চিতভাৱে এবাৰ গ্রেজিং ৰিজার্ভত উচ্ছেদ অভিযান চলোৱাৰ পিছত সেই এলেকাবোৰ পুনৰ বেদখলৰ বাবে এৰি দিব নোৱাৰে আৰু পুনৰ বেদখল নোহোৱাটো নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব৷ এই এলেকাত মে’ মাহত উচ্ছেদ অভিযান চলোৱাৰ পিছত জুন মাহত বেদখলকাৰীসকলে পুনৰ থিতাপি লৈছিলহি৷ সেয়ে এইক্ষেত্রত পদক্ষেপ ল’বলৈ চৰকাৰ বাধ্য৷ চৰকাৰৰ সকীয়নিৰ পিছত একাংশ বেদখলকাৰীয়ে নিজে বেদখলীকৃত এলেকা খালী কৰি দিয়াৰ পিছত বাকী এলেকাসমূহ খালী কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈছিল৷’ বিষুৰাম মেধিয়ে বিধানসভাত এই কথাও কৈছিল– ‘সেই সময়ত বেংগলৰ প্রধানমন্ত্রীৰ মঙলদৈ ভ্রমণ কার্যসূচীৰ ডমান পাই কিছু বাহিৰা শক্তিৰ ডচটনিত মঙলদৈত দহ হাজাৰৰো অধিক লোকে হঠাৎ সমৱেত হৈ প্রতিবাদ সাব্যস্ত কৰি অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন আপত্তিজনক শ্লোগানো দিছিল৷ এই প্রতিবাদকাৰীসকলে হাতত লাঠী আৰু অন্যান্য অস্ত্র–শস্ত্রও লৈ আহিছিল আৰু স্থানীয় লোকক বিভিন্ন ধৰণে ভীতি প্রদর্শন কৰিছিল৷ পিছত তাত তেওঁলোকে এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰিছিল, য’ত একাংশ নেতাই বেদখলকাৰীসকলক প্রত্যক্ষভাৱে ডচটনি দিছিল৷ এনে ডচটনিৰ বাবেই বেদখলকাৰীসকলে উচ্ছেদৰ পিছতো বাৰম্বাৰ গ্রেজিং ৰিজার্ভ পুনৰ বেদখলৰ অপচেষ্টা চলাই আহিছে৷ চৰকাৰে সম্পূর্ণ নীতি–নিয়মেৰে উচ্ছেদ অভিযান চলাইছে যদিও এনেবোৰ ডচটনিয়ে বাৰম্বাৰ পৰিৱেশ বিঘ্ণিত কৰি আহিছে৷’

একাংশ ৰাজনৈতিক–বৌদ্ধিক নেতাৰ ‘লীগপন্থী’ মানসিকতা কিয়?
১৯৪৬ চনৰ বিধানসভাৰ এই কার্যবিৱৰণীয়ে স্পষ্টভাৱে প্রতিপন্ন কৰে যে বেদখল উচ্ছেদৰ ক্ষেত্রত ১৯৪৬ চনৰ এই পৰিস্থিতি ২০২৩ চনতো একেই আছে, বৰং বেদখলৰ প্রকোপ বহু হাজাৰ গুণে বৃদ্ধিহে পাইছে৷ সেই সময়ত প্রব্রজনকাৰীৰ বেদখল উচ্ছেদ কৰিবলৈ গৈ বৰদলৈ–মেধিৰ চৰকাৰ মুছলিম লীগৰ প্রবল প্রতিৰোধৰ সন্মুখীন হৈছিল৷ বর্তমানেও বেদখল উচ্ছেদৰ ক্ষেত্রত চৰকাৰৰ বিৰুদ্ধে আঠটা দশকৰ পূর্বৰ সেই একে সুৰতে অভিযোগ ডত্থাপন কৰা হৈছে৷ কেৱল এটাই পৰিৱর্তন– মুছলিম লীগৰ ঠাইত এতিয়া ভোটবেংকৰ ৰাজনীতিত বিশ্বাসী একাংশ দল–ৰাজনৈতিক নেতা তেতিয়াৰ লীগ নেতৃত্বৰ ভূমিকাত অৱতীর্ণ হৈছে৷ এইক্ষেত্রত একাংশ বুদ্ধিভ্রষ্ট বুদ্ধিজীৱীয়েও সমানে হাত ডজান দিছে৷ এটা শতিকাজুৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণে নিজৰ অস্তিত্ব বর্তাই ৰখাৰ স্বার্থত অহৰহ যুঁজি আহিবলগীয়া হোৱা পৰিস্থিতিৰ বিপৰীতে ব্যাপক অনুপ্রৱেশ আৰু বেদখলে জাতিটোক চেপি–খুন্দি নিঃশেষ কৰাৰ আশংকা চূডান্তভাৱে ঘনীভূত হৈছে৷ কিন্তু ইয়াৰ পিছতো সাম্প্রতিক সময়ত তেতিয়াৰ ‘মুছলিম লীগ’ৰ নেতৃত্বৰ ভূমিকাত অৱতীর্ণ হোৱা আমাৰ একাংশ ৰাজনৈতিক–বৌদ্ধিক নেতাৰ বোধোদয় নোহোৱাটো সঁচাকৈয়ে আশ্চর্যজনক৷ এইসকল ৰাজনৈতিক–বৌদ্ধিক নেতাৰ এনে ‘লীগপন্থী’ মানসিকতাই নিশ্চিতভাৱে জাতিক ডদ্ধাৰ কৰিবতো নোৱাৰেই, বৰং আমাৰ চৰম জাতীয় বিপর্যয়ৰ ক্ষণ ক্রমাৎ চমু চপাই অনাৰ আশংকাহে ঘনীভূত কৰিছে৷
Email : [email protected]

You might also like