নিয়মীয়া বাৰ্তা, ১২ মার্চঃ সদনৰ মজিয়াত দিল্লী হিংসাক লৈ বিতর্কৰ দাবী তোলা বিৰোধী কংগ্রেছ দলে বুধবাৰে দিল্লী হিংসাক লৈ লোকসভাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বক্তব্য প্রদান কৰাৰ সময়ত সদন ত্যাগ কৰে ৷ বুধবাৰে গৃহমন্ত্রী অমিত শ্বাহে কংগ্রেছ দলক তীব্র সমালোচনা কৰি কয় যে দেশত কংগ্রেছৰ আমোলতেই সর্বাধিক ৭৬ শতাংশ হিংসাত্মক ঘটনা সংঘটিত হৈছে ৷ যোৱা মাহত সংঘটিত দিল্লীৰ হিংসা সন্দর্ভত গৃহমন্ত্রী অমিত শ্বাহে কংগ্রেছক আক্রমণ কৰি কয় যে ইয়াৰ বাবে কোনো দলৰ বিৰুদ্ধে আঙুলি টোঁৱাব নোৱাৰি ৷ লোকসভাত গৃহমন্ত্রী শ্বাহে আৰু কয় যে যোৱা মাহত নাগৰিকত্ব সংশোধনী আইনবিৰোধী হিংসাত্মক প্রতিবাদত হিন্দু বা মুছলিম নহয়, ৫২জন ভাৰতীয়ই প্রাণ হেৰুৱালে ৷ ইফালে, অমিত শ্বাহৰ ভাষণৰ পূর্বে বিজেপিৰ সাংসদ মীনাক্ষী লেখীয়ে মন্তব্য কৰিছিল যে কংগ্রেছৰ প্রধানমন্ত্রী থকা বিভিন্ন শাসনকালত ৮৭১টা স্থানত হিংসাত্মক ঘটনা সংঘটিত হৈছে ৷ ইয়াৰে জৱাহৰলাল নেহৰুৰ শাসনকালত ২৪৩টা, ইন্দিৰা গান্ধীৰ শাসনকালত ৩৩৭টা আৰু ৰাজীৱ গান্ধীৰ শাসনকালত ২৯১টা এনে ঘটনা সংঘটিত হৈছে ৷
Prev Post
You might also like