নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলত জিএছটি সংগ্রহ ১.৮৭ লাখ কোটি টকা

নিয়মীয়া বাৰ্তা, ২ মে’: ২০২৩ চনৰ এপ্রিল মাহত জি এছ টি সংগ্রহ হৈছে অভিলেখ পৰিমাণৰ ১.৮৭ লাখ কোটি টকা৷ ২০১৭ চনৰ জুলাইৰ পিছত ই হৈছে জি এছ টিৰ সর্বাধিক সংগ্রহ৷ বিগত বর্ষৰ এপ্রিল মাহত জি এছ টি সংগ্রহ হৈছিল ১.৬৮ লাখ কোটি টকা৷ কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে আজি ২০২৩ চনৰ এপ্রিল মাহত জি এছ টি সংগ্রহ ১.৮৭,০৩৫ কোটি টকা বুলি বিবৃতিযোগে প্রকাশ কৰিছে৷ এই সংগৃহীত জি এছ টিৰ ভিতৰত চি জি এছ টি ৩৮, ৪৪০ কোটি  টকা, এছ জি এছ টি ৪৭, ৪১২ কোটি টকা, আই জি এছ টি ৮৯১৫৮  কোটি টকা আৰু উপকৰ ১২,০২৫ কোটি টকা৷ মন কৰিবলগীয়া যে এপ্রিল মাহত জি এছ টি ১২ শতাংশ বৃদ্ধি পাইছে৷ ঘৰুৱা লেনদেনৰ ৰাজহ সংগ্রহ ১৬ শতাংশ বৃদ্ধি পাইছে৷ উল্লেখনীয় যে প্রথমবাৰৰ বাবে জি এছ টিৰ সংগ্রহ ১.৭৫ লাখ কোটি টকা অতিক্রম কৰিছে৷ ২০ এপ্রিলত এদিনত সর্বাধিক জি এছ টি সংগ্রহ ৬৮,২২৮ কোটি টকা৷

You might also like