নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ ওচৰ চাপি আহিছে সৌৰজগতৰ বৃহত্তম গ্রহ বৃহস্পতি

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: পৃথিৱীৰ ওচৰ চাপি আহিছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্রহ বৃহস্পতি৷ চলিত মাহত আকাশত সৌৰজগতৰ বৃহত্তম এই গ্রহটোক গোটেই নিশা দেখিবলৈ পোৱা যাব৷ পৃথিৱী আৰু বৃহস্পতিৰ মাজৰ দূৰত্ব এই মাহটোত যথেষ্ট কমিব৷ বিগত ৭০ বছৰৰ ভিতৰত প্রথমবাৰলৈ দুয়োটা গ্রহৰ মাজত দূৰত্ব যথেষ্ট হ্রাস পাব৷ মহাকাশ বিজ্ঞানীসকলে সদৰী কৰা অনুসৰি আগন্তুক ২৫ ছেপ্ঢেম্বৰত বৃহস্পতি পৃথিৱীৰ আটাইতকৈ ওচৰ চাপিব৷ সেইদিনা সমগ্র নিশা আকাশত দেখিবলৈ পোৱা যাব গ্রহটোক৷ পৃথিৱীৰ বিপৰীতে সূর্য আৰু বৃহস্পতি উভয়েই একেটা দিশত থাকিব৷ গতিকে সূর্যৰ দৰে বৃহস্পতিও পূব দিশত উদয় হৈ পশ্চিম অস্ত যাব৷

You might also like