নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ মহলীয়া অট্টালিকাত অগ্নিকাণ্ডত মৃত্যু ৬, আহত ২৩

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ মহাৰাষ্ট্রৰ মধ্য মুম্বাই টাৰদেউ অঞ্চলত আজি পুৱা ৭ বজাত ২০ মহলীয়া আৱাসিক অট্টালিকা এটাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত অতি কমেও ৬জন লোকৰ প্রাণহানি হোৱাৰ লগতে ২৩জন লোক আহত হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, আজি পুৱা টাৰদেউ অঞ্চলৰ ২০ মহলীয়া আৱাসিক অট্টালিকাটোৰ ১৮ মহলাত অগ্ণিকাণ্ড সংঘটিত হয়৷ এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ যে পুৱা টোপনিৰ পৰা নুঠোঁতেই একাংশ লোকে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয়৷ জুইৰ লেলিহান শিখাই নিমিষতে কেইবাজনৰো প্রাণ কাঢ়ি নিয়াৰ বিপৰীতে অনেকজন আহত হয়৷ একাংশ লোকে জুইৰ শংকাত অট্টালিকাটোৰ পৰা প্রাণৰ মমতাত জঁপিওৱাৰ দৃশ্যও প্রত্যক্ষ হৈছে৷ এই ভয়াৱহ অগ্নিকাণ্ডত প্রাণ হেৰুওৱা লোকৰ পৰিয়াললৈ প্রধানমন্ত্রী নৰেন্ত্র মোদীয়ে ২ লাখ টকাৰ এককালীন সাহায্য আৰু আহতজনলৈ ৫০ হাজাৰ টকা আগবঢ়োৱাৰ বিপৰীতে মহাৰাষ্ট্র চৰকাৰে নিহতৰ পৰিয়াললৈ ৫ লাখ টকা ঘোষণা কৰিছে৷ তথ্য মতে, অগ্ণিকাণ্ড সংঘটিত হোৱাৰ কিছু সময় পিছতে ১৩খন অগ্নিনির্বাপক বাহিনীৰ বাহনকে ধৰি বিভিন্ন উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নির্বাপণ কৰাৰ লগতে উদ্ধাৰ অভিযান চলায়৷

You might also like