নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাৰ ভিতৰত আপত যোগদান দহ লক্ষাধিক লোকৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে আম আদমী পার্টীত (আপ) কেন্দ্রীয় শাসিত ৰাজ্যখনৰ ১০ লক্ষাধিক লোকে যোগদান কৰিছে৷ একেৰাহে তৃতীয়টো কার্যকালৰ বাবে দিল্লীত আপে বিজয় সাব্যস্ত কৰাৰ পিছতে দলটোৰ প্রতি ৰাজ্যখনত জনসাধাৰণৰ আকর্ষণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷

কালি দলীয় এক সূত্রই সদৰী কৰিছে এই তথ্য৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে আপে ঘোষণা কৰা অনুসৰি মাত্র ২৪ ঘণ্টাৰ ভিতৰতে দলটোত স্বেচ্ছাই ১০ লক্ষাধিক লোকে যোগদান কৰা ঘটনা নজিৰবিহীন৷ স্মর্তব্য যে মঙলবাৰে দিল্লী বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে আপে ৰাষ্ট্র নির্মাণৰ প্রচাৰ অভিযান আৰম্ভ কৰে৷ তেতিয়াই দলটোত যোগদান কৰে দিল্লীৰ বৃহৎ সংখ্যক লোকে৷ লক্ষণীয়ভাৱে এই প্রচাৰ অভিযানৰ জৰিয়তে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে ভাৰতক উন্নত ৰাষ্ট্র হিচাপে গঢ়ি তুলিবলৈ দেশবাসীৰ সমর্থন বিচাৰে৷ উন্নত ভাৰত গঢ়াৰ অভিযানত দেশবাসীক অংশগ্রহণৰ বাবে আপে আহ্বান জনোৱাৰ পিছতে দলটোৱে লাভ কৰে ব্যাপক সঁহাৰি৷

You might also like