নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১০ কেজিৰ নীলম মণিৰ প্রদর্শনী শ্রীলংকাত

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ মাত্র তিনি মাহ পূর্বে খনিত উদ্ধাৰ হৈছিল বিশালকায় এটা নীলম মণি৷ ৩১০ কিলোগ্রাম ওজনৰ এই মূল্যৱান ৰত্নৰ সম্প্রতি প্রদর্শনী চলি আছে শ্রীলংকাত৷ শ্রীলংকাৰ নেচনেল জেমছ এণ্ড জুৱেলাৰী অথৰিটীৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি এতিয়ালৈকে বিশ্বত উদ্ধাৰ হোৱা আটাইতকৈ বিশাল এইটোৱেই হৈছে প্রথম নীলকান্ত বা নীলম মণি৷ ৰত্নপুৰাৰ খনিৰ পৰা তিনি মাহ পূর্বে এই মণিটো উদ্ধাৰ কৰা হৈছিল৷ ইতিমধ্যে শ্রীলংকাৰ তৰফৰ পৰা এই নীলম মণিৰ নাম ৰখা হৈছে ‘কুইন অৱ এছিয়া’৷ ৰত্ন বিশেষজ্ঞসকলৰ মতে, এই মণিটোৰ মূল্য কম পক্ষেও ১০ কোটি ডলাৰ হ’ব৷ ৰত্ন বিশেষজ্ঞ ছামিলা ছুৰংগাই উল্লেখ কৰা অনুসৰি মণিটোত আছে এলুমিনিয়াম অক্সাইড, টিটানিয়াম, লো আৰু নিকেল৷ ইতিমধ্যে এই মণিটো আন্তর্জাতিক বজাৰত বিক্রীৰ বাবে আলোচনাও চলাই আছে শ্রীলংকা চৰকাৰে৷ আন্তর্জাতিক ৰত্ন বিশেষজ্ঞ সংগঠনে ইয়াক পৰীক্ষা কৰাৰ পিছত মান্যতা প্রদান কৰিলেই মণিটো বিক্রীৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব চৰকাৰে৷

You might also like