নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ বয়োজ্যেষ্ঠ মহিলা আলিমিহানৰ ১৩৫ বছৰ বয়সত দেহাৱসান

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ  চীনৰ আটাইতকৈ বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ কালি দেহাৱসান ঘটিছে৷ ১৩৫ বছৰীয়া আলিমিহান ছেয়িটি আছিল ঝিনজিয়াং প্রদেশৰ উইঘুৰ স্বায়ত্তশাসিত অঞ্চলৰ বাসিন্দা৷ বেইজিঙৰ চৰকাৰী তথ্য অনুসৰি ছেয়িটিৰ জন্ম হৈছিল ১৮৮৬ চনৰ ২৫ জুনত৷ অর্থাৎ মহিলাগৰাকীৰ বয়স ১৩৫ বছৰ হৈছে৷ ২০১৩ চনত ‘চাইনা এছ’চিয়েচন অৱ গেৰেণ্ট’ল’জী এণ্ড জেৰিয়াটিক্স’ৰ তৰফৰ পৰা দেশখনৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ যি তালিকা প্রকাশ কৰিছিল তাৰ শীর্ষত আছিল ছেয়িটিৰ নাম৷ লক্ষণীয়ভাৱে প্রায় ডেৰটা শতিকা স্পর্শ কৰা ছেয়িটিৰ বিয়োগৰ লগে লগে বিষয়টোক লৈ চীনৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ এই দীঘলীয়া জীৱনৰ ৰহস্য কি? কেনেদৰে এই বিশাল আয়ু লাভ কৰিবলৈ সক্ষম হ’ল ছেয়িটিয়ে? মহিলাগৰাকীৰ নিকটাত্মীয়সকলে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি অতি সাধাৰণ আৰু সহজ–সৰল জীৱন–যাপন কৰিছিল ছেয়িটিয়ে৷ যাৰ বাবে ছেয়িটিয়ে লাভ কৰিবলৈ সক্ষম হয় এই দীঘলীয়া জীৱন৷ সকলো সময়তে সাধাৰণ খাদ্য গ্রহণ কৰিছিল মহিলাগৰাকীয়ে৷ সাধাৰণতে পুৱাৰ ৰ’দৰ উত্তাপ লৈছিল মহিলাগৰাকীয়ে৷ লক্ষণীয়ভাৱে মৃত্যুৰ পূর্বলৈকে নাতি–নাতিনীসকলৰ সৈতে হাঁহি–স্ফূর্তিৰে জীৱন অতিবাহিত কৰিছিল মহিলাগৰাকীয়ে৷ এইক্ষেত্রত কোনোধৰণৰ ক্লান্তি অনুভৱ কৰা নাছিল ছেয়িটিয়ে৷ জীৱনটোক উপভোগ কৰাই আছিল মহিলাগৰাকীৰ একমাত্র লক্ষ্য৷ গতিকে কোনো ৰোগে আক্রান্ত কৰিব পৰা নাছিল ছেয়িটিক৷ এই অনাড়ম্বৰ আৰু আনন্দময় জীৱন–যাপনেই দীর্ঘায়ুৰ অন্যতম উৎস বুলি ছেয়িটিয়েও বিভিন্ন সময়ত প্রকাশ কৰি আহিছে৷ লক্ষণীয়ভাৱে ঝিনজিয়াঙৰ যিখন চহৰত ছেয়িটিয়ে বাস কৰিছিল, সেই চহৰখনৰ নাম ‘দীর্ঘায়ুসকলৰ চহৰ’৷ এই চহৰখনত বসবাস কৰে ৯০ বছৰৰ ঊর্ধ্বৰ বহু লোকে৷

You might also like