নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৫৩জাঁই গুলী হেৰোৱাৰ বাবে ২ লাখ লোকৰ চহৰত লকডাউন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ: কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে এছাল্ট ৰাইফলছৰ ৬৫৩জাঁই গুলী হেৰোৱাৰ বাবে ২ লক্ষাধিক লোকৰ চহৰ এখনত সম্পূর্ণ লকডাউন জাৰি কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ৰেডি’ ফ্রী এছিয়াৰ প্রতিবেদন অনুসৰি হায়েছান চহৰৰ পৰা সেনা শিবিৰ এটা উঠাই নিয়াৰ সময়ত ৬৫৩জাঁই গুলী নোহোৱা হৈছিল৷ সৈনিকসকলে ২৫ ফেব্রুৱাৰীৰ পৰা ১০ মার্চলৈ শিবিৰটোৰ পৰা প্রত্যাৱর্তন কৰাৰ সময়ত এই ঘটনা সংঘটিত হয়৷ কিন্তু গুলী হেৰোৱা কথাটো সেনাৰ শীর্ষ বিষয়া তথা প্রশাসনক জনোৱাৰ পৰিৱর্তে সৈনিকসকলে এই গুলীবোৰ নিজেই বিচাৰি আছিল৷ কেইবাদিনো ধৰি সৈনিকসকলে অভিযান চলাই হেৰোৱা গুলীৰ সন্ধান নোপোৱা বাবেই প্রশাসনক কথাটো অৱগত কৰায়৷ তেতিয়াই ৰাষ্ট্রপতি কিম জং–উনে গুলীবোৰ বিচাৰি নোপোৱালৈকে চহৰখনত সম্পূর্ণৰূপে লকডাউন জাৰি কৰে৷ ৰেডি’ ফ্রী এছিয়াৰ প্রতিবেদন অনুসৰি এতিয়াও চহৰখনত জাৰী হৈ আছে লকডাউন৷ এই লকডাউনৰ ফলত চহৰখনৰ দুই লক্ষাধিক লোক গৃহবন্দী হৈ আছে৷ লক্ষণীয়ভাৱে গুলীৰ সন্ধান নাপালে কেইবাজনো সৈনিকৰ বিৰুদ্ধে কঠোৰ শাস্তি ঘোষণা কৰা হ’ব পাৰে বুলি ৰেডি’ ফ্রী এছিয়াৰ প্রতিবেদনত প্রকাশ পাইছে৷ কিম জং–উনে ইয়াৰ পূর্বে সাধাৰণ কর্মচাৰী বাদেই, শীর্ষ বিষয়াকো সৰু সৰু ভুল তথা অপৰাধৰ বাবে মৃত্যুদণ্ড বিহাৰ নজিৰ আছে৷ গতিকে, এইবাৰৰ এই গুলী হেৰোৱাৰ ঘটনাক লৈ ৰাষ্ট্রপতি কিমে কি ব্যৱস্থা গ্রহণ কৰে, তাক লৈ সৈনিকসকলৰ মাজত সৃষ্টি হৈছে আতংক৷

You might also like