নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইটি–আইআইএমত আত্মহত্যাৰ ঘটনা বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ: ২০১৮ চনৰ পৰা আই আই টি, আই আই এম আৰু এন আই টিৰ ৬১গৰাকী শিক্ষার্থীয়ে আত্মহত্যা কৰিছে৷ আজি সংসদত এই কথা সদৰী কৰে কেন্দ্রীয় শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্রী সুভাষ সৰকাৰে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা তথ্য অনুসৰি ২০১৮ চনত ১১টা আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১৯ত ১৬, ২০২০ত ৫ আৰু ২০২১ত ৯টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ আত্মহত্যা কৰা শিক্ষার্থীসকলৰ ৩৩গৰাকী হৈছে আই আই টিৰ৷ এন আই টিৰ ২৪গৰাকী আৰু আই আই এমৰ চাৰিগৰাকী শিক্ষার্থীয়েও এই সময়ছোৱাত আত্মহত্যা কৰে৷ কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ প্রশ্ণৰ উত্তৰত এই কথা সংসদত উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷

You might also like