নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ICUত জুই, অগ্নিদগ্ধ হৈ মৃত্যু ১০টি নৱজাতক

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা অসামৰিক চিকিৎসালয়ত শোকাৱহ ঘটনা।চিকিৎসালয়খনৰ নৱজাতক বিভাগৰ ICUত লাগে অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।  অগ্নিকাণ্ডত ১০টি নৱজাতকৰ কৰুণ মৃত্যু। আনহাতে জীৱন্তে উদ্ধাৰ কৰা হৈছে ৭টি নবজাতকক। নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই কৰুণ ঘটনা।

আনহাতে এই ঘটনাক লৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ শোক প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো শোক প্ৰকাশ।

এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীৰ। মৃত নৱজাতকৰ পৰিয়াললৈ ৫ লাখ টকা সাহায্য় মহাৰাষ্ট্ৰ চৰকাৰৰ।

এই কৰুণ ঘটনাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰো শোকপ্ৰকাশ।

You might also like