নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিএছএফত অগ্নিবীৰৰ ১০ শতাংশ সংৰক্ষণৰ সুবিধা

নিয়মীয়া বাৰ্তা, ১১ মার্চ: অগ্নিবীৰসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ নতুন পদক্ষেপ গ্রহণ কৰিলে কেন্দ্রীয় চৰকাৰে৷ এতিয়াৰে পৰা বিএছএফত নিয়োগৰ ক্ষেত্রত ১০ শতাংশ সংৰক্ষণ লাভ কৰিব প্রাক্তন অগ্নিবীৰসকলে৷   এই ঘোষণা কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা প্রকাশিত এক বিবৃতিত উল্লেখ কৰা হৈছে যে এতিয়াৰে পৰা বিএছএফৰ চাকৰিত প্রাক্তন অগ্নিবীৰসকলক ১০ শতাংশ সংৰক্ষণ দিয়া হ’ব৷ অকল সেয়াই নহয়, প্রথম বেটছৰ অগ্নিবীৰসকলৰ বাবে বিএছএফত নিয়োগৰ ক্ষেত্রত বয়সৰ ঊর্ধ্বসীমাও শিথিল কৰা হ’ব৷ যিসকল অগ্নিবীৰ বিএছএফৰ নিয়োগৰ সংৰক্ষণৰ আওতালৈ আহিব তেওঁলোকে শাৰীৰিক সক্ষমতাৰ পৰীক্ষা দিব লাগিব৷

উল্লেখনীয় যে ভাৰতীয় সেনাৰ আধুনিকীকৰণৰ স্বার্থত অগ্ণিবীৰ প্রকল্পৰ ঘোষণা কৰিছিল কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ জৰিয়তে সেনাত অস্থায়ীভাৱে চাৰি বছৰৰ বাবে কর্মী নিয়োগ কৰা হৈছিল৷ এই চাৰি বছৰীয়া সৈনিকসকলৰ নামেই অগ্নিবীৰ৷ চাৰি বছৰৰ ম্যাদ শেষ হোৱাৰ পাছত ১০ শতাংশ অগ্নিবীৰক স্থায়ী নিযুক্তি দিয়া হ’ব বুলি পূর্বে ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে৷ বাকী ৯০ শতাংশ অগ্নিবীৰৰ ভৱিষ্যৎ অনিশ্চিত আছিল৷ কেন্দ্রীয় চৰকাৰৰ নতুন ঘোষণাৰ ফলত প্রাক্তন অগ্নিবীৰসকলৰ আকৌ ১০ শতাংশৰ ভৱিষ্যৎ সুৰক্ষিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ অৱশ্যে অগ্নিবীৰ প্রকল্পক লৈ এতিয়াও ৰাজনৈতিক দলসমূহৰ মাজত মতানৈক্য অব্যাহত আছে৷

You might also like