নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬মাহৰ পৰা এবছৰলৈ শিশুক কেনেকৈ আৰু কিধৰণৰ খাদ্য খুৱাব

বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ চাওঁতে চাওঁতে চকুৰ সম্মুখতে ডাঙৰ হৈছে আপোনাৰ সিদিনা জন্ম পোৱা শিশুটি। সন্তানৰ যতনত কোনো মাক-দেউতাকেই কম কৰিব নিবিচাৰে। এমাহ, দুমাহকৈ ছমাহ হোৱাৰ আগে আগে চিন্তা হয় সন্তানটিক কি খাদ্য খুৱাব। শিশুটিক ছমাহলৈ মাতৃ দুগ্ধ বা যিসকল মাকৰ গাখীৰ কম তেনে শিশুক ডাক্তৰে কোৱা ধৰণে নিৰ্দিষ্ট ফৰ্মূলা গাখীৰ দিব। কিন্তু ছমাহত ভৰি থোৱাৰ পাছত এদিনো কম নকৰিব গোটা আহাৰ দিয়াত। পৰাপক্ষত শিশুটিক বাহিৰৰ কিনা আহাৰ বা প্ৰছেচ ফুড একেবাৰেই নিদিব। মাকৰ চিন্তা হয় কি খাদ্য দিব তাকে লৈ। ৬মাহৰ পৰা এবছৰলৈ শিশুক কি ধৰণে খাদ্য ডাক্তৰে দিবলৈ কয় তাকে চাওঁ আহক-

মাতৃদুগ্ধ অব্যাহত ৰাখিব।
গৰুৰ গাখীৰ মুখ্য হিচাপে নিদিব, অৱশ্যে লাহে লাহে খাদ্যৰ লগত মিহলাই দিব পাৰে।
যিমান পাৰে কম পৰিমাণে চেনী, নিমখ, মৌ দিব।
প্ৰথমে চামুচেৰে আৰম্ভ কৰিব খুওৱা, এচামুচকৈ দি শিশুটিয়ে খাব পৰা হিচাপত প্ৰতিদিনে পৰিমাণ বঢ়ায় যাব।
প্ৰতিবাৰে খোৱাৰ পাছত ১০-২০ মিলিলিটাৰ উতলাই ঠাণ্ডা কৰি থোৱা পানী খাবলৈ দিব।

৫-৭ মাহত (দিনত দুবাৰকৈ খুৱাব, ভালকৈ সানি গুৰি কৰি দিব)
চাউলৰ গুৰি বা লুথুৰি।
দাইলৰ পানী (প্ৰথমে মগু দাইলেৰে আৰম্ভ কৰিব)।
গৰম পানীত সিজোৱা আপেল, নাচপতি অথবা পকা ক’ল।
সিজোৱা পাচলি পিটিকি (আলু, গাজৰ, লাউ ইত্যাদি)
৭-৯ মাহত (দিনত তিনি/চাৰিবাৰকৈ খুৱাব, আগতকৈ কিছু গোটাকৈ দিব)
দুই-তিনিবিধ পাচলি একেলগে মিহলাই।
একেবাৰে সিজোৱা দাইল-ভাত অথবা খিচিৰি।
শুকান ৰুটি গাখীৰত কোমল কৰি।
নভজাকৈ পানী অথবা গাখীৰত সিজাই চুজি দিব, তাত সামান্য চেনী বা নিমখ আৰু বাটাৰ এচিকুট মিলাব পাৰে, সোৱাদ বাঢ়িব।
পগোৱা চাগু দানা।
অ’টছ, কৰ্ণফ্লেক্স আদি পানী অথবা গাখীৰত সিজাই দিব।
চাইট্ৰাছযুক্ত ফল যেনে কমলা,নেমুৰ সৈতে চিনাকী কৰাই দিব পাৰে।
৯-১২ মাহত (দিনত চাৰি/পাঁচবাৰকৈ খুৱাব, কিছু গোটাকৈ দিব)
ওপৰৰ খাদ্যবোৰৰ উপৰিও নতুন নতুন খাদ্য যোগ কৰি যাওঁক।
খাদ্য় আদা, নহৰু, পিঁয়াজ, জিৰা অকণমান আদিৰে ৰান্ধি দিব পাৰিব।

দাঁত গজিলে যিবোৰ কোমল ফল চোবাই খাব পাৰে নিজে চোবাই খাবলৈ দিয়ক।

নোটঃ ৭-৮মাহৰ পৰা ভালকৈ সিজোৱা কণীৰ কুহুম প্ৰথমে আধাকৈ দিব।
৮-৯মাহৰ পৰা খাদ্য তালিকাত মাছ যোগ দিব।
এবছৰ হোৱাৰ লগে লগে মাংসৰ সৈতে চিনাকী কৰাব পাৰিব।
মনত ৰাখিব এবছৰৰ পাছতে ঘৰত সকলোৰে বাবে ৰন্ধা আহাৰৰ পৰাই খুওৱা আৰম্ব কৰিব।

You might also like