নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যভোগী সুচেন গুপ্তাক ১১০ কোটি টকা উৎকোচ দিছিল ডাছাল্টে

ৰাফেল যুদ্ধবিমান ক্রয় চুক্তি

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ দেশজুৰি তীব্র বিতর্কিত ৰাফেল যুদ্ধ বিমান ক্রয় চুক্তিক লৈ পুনৰ উত্তাল হৈছে দেশৰ ৰাজনীতি৷ দিল্লীত শাসনাধিষ্ঠিত বিজেপি আৰু বিৰোধী কংগ্রেছৰ মাজত বিগত কেইবাবছৰ ধৰি ৰাফেল যুদ্ধ বিমান চুক্তিত অনিয়মৰ অভিযোগ–প্রতিভিযোগ চলাৰ মাজতেই দেশৰ উচ্চতম ন্যায়ালয়ে ফ্রান্সৰ ডাছাল্ট কোম্পানীৰ সৈতে ৰাফেল যুদ্ধ বিমান ক্রয় চুক্তিত অনিয়ম–নীতি হোৱা নাই বুলি ৰায় দিছিল৷ ইয়াৰ পিছতে ৰাফেল যুদ্ধ বিমান চুক্তি প্রায় তল পৰিছিল যদিও এদিন পূর্বে ফ্রান্সৰ প’র্টেল মিডিয়াপার্টত ৰাফেল যুদ্ধ বিমান ক্রয় চুক্তিত উৎকোচ চলিছিল বুলি প্রতিবেদন প্রকাশ পোৱাৰ লগে লগেই বিজেপি আৰু কংগ্রেছৰ মাজত বাক্যুদ্ধ চলিছে৷ মিডিয়াপার্টত প্রকাশিত প্রতিবেদন অনুসৰি ফ্রান্সৰ কোম্পানী ডাছাল্টে ২০০২–১২ চনৰ মাজত ৰাফেল যুদ্ধ বিমান ক্রয় চুক্তিৰ বাবে মধ্যভোগী সুচেন গুপ্তাক প্রায় ১৩ মিলিয়ন ইউৰো ভাৰতীয় মুদ্রাত প্রায় ১১০ কোটি টকা উৎকোচ দিছিল৷ ভাৰতীয় অনুসন্ধান সংস্থাসমূহে এই সন্দর্ভত তদন্তৰ যোগ্য অনেক তথ্য লাভ কৰাৰ পিছতো তদন্তত বিফল হৈছিল বুলি মিডিয়াপার্টত স্পষ্টকৈ উল্লেখ কৰা হৈছে৷

মধ্যভোগী সুচেন গুপ্তাক ডাছাল্ট কোম্পানীয়ে বিজেপি নেতৃত্বাধীন এনডিএ ১.০ আৰু কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ কার্যকালত উল্লিখিত ধনৰাশি উৎকোচ হিচাপে দিয়াৰ তথ্য মিডিয়াপার্টত প্রকাশিত হৈছে৷ ৰাফেল যুদ্ধ বিমান চুক্তি ভাৰতে স্বাক্ষৰ কৰাৰ তিনি বছৰ পিছত ২০১৯ত ইয়াত সংঘটিত অনেক অনিয়ম সন্দর্ভত তথ্য দেশৰ কেন্দ্রীয় সংস্থা চিবিআয়ে লাভ কৰিছিল যদিও সেই তথ্যৰ আধাৰত অনুসন্ধানত ব্যর্থ হৈছে সংস্থাটো৷ মন কৰিবলগীয়া যে ডাছাল্ট কোম্পানীয়ে মৰিছাছস্থিত শ্বেল কোম্পানী ইণ্টাৰষ্টেলাৰৰ সুচেন গুপ্তাক আইডিএছৰ জৰিয়তে ২০০৩ আৰু ২০০৬ চনৰ ভিতৰতে ৪.১৫ কোটি টকা দিছিল৷ এই ধনৰাশি উৎকোচ হিচাপে প্রদান কৰাৰ সময়সীমাৰ মাজত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ শাসনত থকাৰ লগতে পৰৱর্তী সময়ত ইউপিএ চৰকাৰ শাসনত আছিল৷ এই তথ্য থকাৰ পিছতো চিবিআয়ে কোম্পানীটোৰ বিৰুদ্ধে কোনোধৰণৰ তদন্ত নকৰিলে৷

মন কৰিবলগীয়া যে ভাৰতীয় আইন অনুসৰি অনিয়মেৰে কোনো কোম্পানীয়ে কোনো চুক্তি সম্পন্ন কৰিলে তেনে কোম্পানীক নিলম্বিত কিম্বা নিষিদ্ধ কৰা হয়৷ কিন্তু এনেধৰণৰ কোনো পদক্ষেপ গ্রহণ কৰা দেখা নগ’ল৷ ফ্রান্সৰ প’র্টেলত ৰাফেলক লৈ নতুন প্রতিবেদন প্রকাশৰ পিছতেই ৰাহুল গান্ধীয়ে মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰক এই দুর্নীতিৰ বাবেই কঠোৰ ভাষাৰে সমালোচনা কৰে৷ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ সমালোচনাৰ প্রত্যুত্তৰ দি বিজেপিৰ মুখপাত্র সম্বিত পাত্রই কয় যে ৰাফেল যুদ্ধ বিমানক লৈ ফ্রান্সৰ প’র্টেলত যি তথ্য প্রকাশ পাইছে, সেয়া ২০১৪ চনৰ পূর্বৰ৷ এনে ক্ষেত্রত কংগ্রেছ নেতা ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী ভদ্রা নেতৃত্বাধীন দলটোৱে বিজেপিৰ চৰকাৰক দুর্নীতিগ্রস্ত বুলি অভিযোগ আনিব নোৱাৰে৷ তদুপৰি সম্বিত পাত্রই কয়– আইএনচি (ইণ্ডিয়ান নেচনেল কংগ্রেছ) মানে আই নীড কমিছন, ছোনিয়া গান্ধী–ৰাহুল গান্ধী–প্রিয়ংকা গান্ধী ভদ্রা–ৰবার্ট ভদ্রা সকলোৱে কয়– আই নীড কমিছন৷ তদুপৰি বিজেপিৰ মুখপাত্রগৰাকীয়ে কয় যে ইটালীৰ পৰা ৰাহুল গান্ধীয়ে উত্তৰ দিয়ক– ৰাফেল সন্দর্ভত বিগত তিনি বছৰে তেওঁ আৰু তেওঁৰ দলে যি প্রচাৰ চলাই আছে, তাৰ বিপৰীতে এতিয়া তেওঁলোকৰ নিজৰ চৰকাৰ ক্ষমতাত থকা ২০০৭ৰ পৰা ২০১২ চনৰ ভিতৰত কমিছন আদায় দিয়া হৈছিল৷ এই কমিছনৰ মধ্যভোগীৰ নামো পোহৰলৈ আহিছে৷ উল্লেখ্য যে ৰাহুল গান্ধীয়ে ৰাফেল যুদ্ধ বিমানক লৈ দুর্নীতিক তল পেলোৱাটো প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু চিবিআই–এনফ’চমেণ্ট ডাইৰেক্টৰেটৰ সন্দেহজনক বুজাবুজি আছিল বুলি বিজেপি চৰকাৰক সমালোচনা কৰিছে৷

You might also like