নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ অ’ভাৰত এটাও ৰান ব্যয় নকৰাকৈ দুই উইকেটঃ বিদর্ভৰ অক্ষয় কর্ণেৱাৰৰ বিশ্ব অভিলেখ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ ৪ অ’ভাৰত এটাও ৰান ব্যয় নকৰাকৈ দুই উইকেট দখলেৰে বিশ্ব অভিলেখ স্থাপন কৰিছে বিদর্ভৰ প্রতিভাৱান স্পিনাৰ অক্ষয় কর্ণেৱাৰে৷ সোঁ হাতৰ লগতে বাঁও হাতেৰেও বলিং কৰা ২৯ বছৰীয়া স্পিনাৰগৰাকীয়ে চৈয়দ মুস্তাক আলী টি–২০ ট্রফীৰ এখন মেচত সোমবাৰে এই বিৰল অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়৷ মণিপুৰৰ বিৰুদ্ধে খেলা মেচখনত তেওঁৰ বলিং বিশ্লেষণ আছিল ৪–৪–০–২৷ পাকিস্তানৰ বেগী বলাৰ মহম্মদ ইৰফানৰ অভিলেখ ভংগ কৰি বিদর্ভৰ অফ স্পিনাৰগৰাকীয়ে টি–২০ ক্রিকেটৰ সবাতোকৈ মিতব্যয়ী বলাৰ হিচাপে বিশ্ব অভিলেখ স্থাপন কৰে৷ কর্ণেৱাৰৰ স্পিনভেল্কীত দিশহাৰা হৈ মণিপুৰে ২২৩ ৰানৰ লক্ষ্যৰ পিছ লৈ মাত্র ৫৫ ৰানতে অলআউট হয়৷

ইফালে, মিতব্যয়ী বলিঙেৰে বিশ্ব অভিলেখ স্থাপনৰ এদিন পিছতে বিদর্ভৰ প্রতিভাৱান স্পিনাৰগৰাকীয়ে আজি ছিকিমৰ বিৰুদ্ধে হেটট্রিকসহ ৪টা উইকেট দখল কৰে৷ তেওঁৰ বলিং বিশ্লেষণ হ’ল: ৪–১–৫–৪৷

You might also like